পঞ্জাৱ এফ চিৰ বিৰুদ্ধে ওড়িছাৰ তিনি পইণ্ট

পঞ্জাৱ এফ চিৰ বিৰুদ্ধে ওড়িছাৰ তিনি পইণ্ট

নতুন দিল্লী,ৰঙিলী বাৰ্ত্তাসেৱা-  দহখন মেচৰ অপেক্ষাৰ অন্তত পঞ্জাৱ এফ চিয়ে চলিত আই এছ এলত যোৱা মেচখনত প্ৰথম জয় অৰ্জন কৰিবলৈ সক্ষম হৈছিল যদিও আজি গৃহভূমি নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হোৱা মেচত দলটো পুনৰ ৰ-ঙ্ম গলত পৰাস্ত হ’ল ওড়িছা এফ চিৰ বিৰুদ্ধে৷ ওড়িছাৰ হৈ খেলৰ ২১ মিনিটত বিজয়সুচক গলটো কৰে ৰয় কৃষ্ণাই৷ উল্লেখ্য যে এই ষ্টেডিয়ামতে খেলা অন্তিম মেচত পঞ্জাৱ দলে চেন্নাইয়ান এফ চিক ১-০ ত হৰুৱাইছিল৷ ঘৰত খেলা পূৰ্বৰ মেচত কিন্তু কেৰালা ব্লাষ্টাৰ্ছ এফ চিয়ে একমাত্ৰ গলত পৰাস্ত কৰিছিল পঞ্জাৱ দলক৷ আনহাতে, পঞ্জাৱ এফ চিয়ে কলকাতাত ইষ্ট বেংগলৰ বিৰুদ্ধে গলশূণ্য ড্ৰ তথা বাংগালুৰু এফ চিৰ বিৰুদ্ধে কান্তিৰাভা ষ্টেডিয়ামত ৩-৩ গ’লত ড্ৰ খেলি নতুন দিল্লীলৈ আহিছিল৷ উল্লেখ্য যে ছিজনৰ প্ৰথম দুখন মেচত পঞ্জাৱ দলে মোহন বাগানৰ বিৰুদ্ধে ৩-১ গলত আৰু এফ চি গোৱাৰ বিৰুদ্ধে ১-০ ত পৰাস্ত হৈছিল৷ কিন্তু আই লীগৰ চেম্পিয়ন পঞ্জাৱ দলে নৰ্থ ইষ্ট ইউনাইটেডৰ বিৰুদ্ধে ১-১ ত, হায়দৰাবাদ এফ চিৰ লগত ১-১ ত তথা জামছেদপুৰৰ লগত গ’লশূণ্য ড্ৰ খেলে৷ বিপৰীতে মুম্বাই চিটী বিৰুদ্ধে ২-০ ত পৰাজয়ৰ সন্মুখীন হৈছিল৷ ইফালে, ওড়িছাই লীগত এঘাৰ নম্বৰ মেচখন খেলিলে৷ ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে কলকাতাত ড্ৰ খেলি দিল্লীলৈ আহিছিল ওড়িছা৷ এতিয়ালৈকে এঘাৰখন মেচ খেলি ছয়খনত জয় তথা তিনিখন ড্ৰ কৰি ২১ পইণ্ট লাভ কৰা ওড়িছা দলে ভূৱনেশ্বৰত হায়দৰাবাদ এফ চিক ৩-০ গলত পৰাস্ত কৰিছিল৷ আনহাতে, মোহন বাগানৰ বিৰুদ্ধে ২-২ ত ড্ৰ খেলিছিল৷ ওড়িছাই জামছেদপুৰ আৰু নৰ্থ ইষ্ট ইউনাইটেড এফ চিকো পৰাস্ত কৰিছিল৷ ছিজনৰ প্ৰথমখন মেচত ২-0 ত চেন্নাইয়ান এফ চিক পৰাস্ত কৰা ওড়িছাই মুম্বাই চিটী এফ চিৰ লগত ২-২ ত ড্ৰ খেলিছিল৷ আনহাতে, ঘৰতে ওড়িছাই ৩-২ গ’লত পৰাস্ত কৰিছিল বাংগালুৰু এফ চিক৷ কিন্তু কোচিত কেৰালা ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে ২-১ ত আৰু গোৱাত এফ চি গোৱাৰ বিৰুদ্ধে দল পৰাস্ত হয়৷