পঞ্জাৱৰ মুখ্যমন্ত্ৰী মানৰ দিল্লীত অমিত শ্বাহক সাক্ষাৎ
ৰঙিলী বাৰ্ত্তাসেৱা- পঞ্জাৱৰ ভগৱন্ত মানে দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে আৰু সীমান্ত ব্যৱস্থাপনা বৃদ্ধিৰ বাবে প্ৰয়োজনীয় ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষাৰ উদ্বেগ আৰু প্ৰযুক্তিৰ আন্তঃগাঁথনিকে ধৰি বিষয়বোৰ আলোচনা কৰে। কেন্দ্ৰই পঞ্জাৱক ১০ টা সুৰক্ষা বাহিনী প্ৰদান কৰিব, মানে কয়। তেওঁ লগতে কয়, “আমি ড্ৰোন বিৰোধী প্ৰযুক্তিৰ বাবে অনুৰোধ জনাইছো, পঞ্জাৱৰ কোটা বিষয়টোকে ধৰি অন্যান্য বিষয়সমূহো আলোচনা কৰা হৈছিল।