পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ মূলধনৰ পৰিমাণ বৃদ্ধি কৰক: আম আদমি পাৰ্টী

Pc Wikipedia

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ মূলধনৰ পৰিমাণ বৃদ্ধি কৰক: আম আদমি পাৰ্টী

ৰঙিলী বাৰ্ত্তাসেৱা-  পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে প্ৰধানমন্ত্ৰী আৱাস যোজনা (PMAY) লাভ কৰা ৩ লাখ ২ হাজাৰ হিতাধিকাৰীয়ে নিজ গৃহত প্ৰৱেশ কৰিব বুলি ঢাক ঢোল বজোৱাৰ সময়তে এই যোজনাৰ কেতবোৰ আসোঁৱাহ আঙুলীয়াই দিছে আম আদমি পাৰ্টীয়ে।এক প্ৰেছ বিজ্ঞপ্তি যোগে আপৰ ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰীয়ে কয় যে হিতাধিকাৰী নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত চৰকাৰে বান্ধি দিয়া নীতি-নিয়মবোৰ বিভাগটোৱে টন্নটন্নকৈ নিৰীক্ষণ কৰিছে নে, সেই সন্দৰ্ভত পৰ্যালোচনাৰ প্ৰয়োজন। তদুপৰি হিতাধিকাৰীসকলে সময়মতে কিস্তিসমূহ পাইছে নে নাই সেয়াও পৰীক্ষা কৰা অতি জৰুৰী। চৰকাৰে গৃহ প্ৰৱেশৰ নামত বাতৰি কাকতত বৃহৎ এডভেটাইমেণ্ট দি চৰকাৰী ধন শৰাধ কৰাৰ সময়তে কিন্তু অসমৰ গাঁৱে গাঁৱে হাজাৰ হাজাৰ অৰ্ধ নিৰ্মিত ঘৰ অতি সুলভ হৈ আছে।পঞ্চায়ত বিভাগে প্ৰস্তুত কৰা নিৰ্দিষ্ট আৰ্হি আৰু প্ৰাক্ কলন মতে হিতাধিকাৰীয়ে নিজৰ গৃহটো নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে নে নাই সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে আম আদমি পাৰ্টীয়ে। গৃহ নিৰ্মাণৰ সামগ্ৰীৰ অত্যধিক মূল্য বৃদ্ধিয়ে হিতাধিকাৰীসকলক মৰমৰ ঘৰটো নিৰ্মাণৰ সময়ত গুণগত মানৰ লগত আপোচ কৰিবলৈ বাধ্য কৰিছে। সেয়ে আম আদমি পাৰ্টীয়ে চৰকাৰক দাবী কৰে যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ মুঠ ধনৰাশি বৰ্তমানৰ ১ লাখ ৫০ হাজাৰৰ পৰা বৃদ্ধি কৰিব লাগে যাতে হিতাধিকাৰীসকলে গৃহ নিৰ্মাণৰ সময়ত নিৰ্মাণ কাৰ্যত গুণগত মানৰ লগত আপোচ কৰিবলগীয়া নহয়।