পকাধানে ৰিঙিয়াই – শ্বহিদুল ইছলাম

পকাধানে ৰিঙিয়াই
শ্বহিদুল ইছলাম, শিক্ষক, বৰপেটা
আঘোণৰ গাভৰু পথাৰত
পকাধানে ৰিঙিয়াই
শানদিয়া কাচিখন হাততলৈ
দাৱনীয়ে পথাৰলৈ যায়।
মৃদু সমীৰণৰ তালে তালে
লখিমী আয়ে হালে জালে
পকা ধানৰ থোকবোৰত
পখিলাই উৰি উৰি ফুৰে।
সোণালী পথাৰত পকাধানে ৰিঙিয়াই
তাকে দেখি টোকোৰা চৰাই
সাউৎ কৰি পৰে।
কৃষকৰ মনত আনন্দৰ জোৱাৰ
গাভৰু পথাৰত গেৰধৰা থোকবোৰ
পকিবলৈ ধৰে।
পকা ধানে ৰিঙিয়াই
আইতাৰ হাঁহি ভৰা মুখ
পৰিয়ালৰ মনত লাগে সুখ
নাথাকিব সিহঁতৰ অলপো দুখ।