নৱৰাত্ৰিৰ মহত্ব আৰু শাৰদীয় দুৰ্গাপূজা – বিজুলতা পায়েং

নৱৰাত্ৰিৰ মহত্ব আৰু শাৰদীয় দুৰ্গাপূজা

বিজুলতা পায়েং, গোগামুখ

ভাৰতবৰ্ষৰ হিন্দু ধৰ্মালম্বীৰ মাজত প্ৰচলিত এটি বৃহত্তম আৰু উল্লেখযোগ্য উৎসৱ হ’ল দুৰ্গোৎসৱ বা দুৰ্গাপূজা | এই উৎসৱ ধৰ্মীয় আৰু সামাজিক উৎসৱ |
শাস্ত্ৰ অনুসৰি দুৰ্গাপূজা বছৰত দুবাৰ পালন কৰা দেখা যায় | চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গা পূজা পালন কৰা হয় |এই পূজা বসন্তকালত পালন কৰা হয় বাবে ইয়াক বসন্ত উৎসৱ বা বাসন্তী দুৰ্গাপূজা বুলি কোৱা হয় | আনহাতে অাহিন অৰ্থাৎ শৰত কালৰ দুৰ্গাপূজাক শাৰদীয় দুৰ্গাপূজা বুলি কোৱা হয় |

সাধাৰণতে আহিনৰ শুক্লপক্ষৰ ষষ্ঠ দিনৰপৰা অৰ্থাৎ ষষ্ঠীৰপৰা আৰম্ভ হৈ দশমী পৰ্যন্ত দুৰ্গাপূজা পালন কৰে |প্ৰথমতে মহাষষ্ঠী বা ষষ্ঠী দুৰ্গা,মহা সপ্তমী,মহাষ্টমী,মহানৱমী আৰু বিজয়া দশমী নামেৰে জনা যায় |এই পক্ষটোক সাধাৰণতে দেৱী পক্ষ বুলিও জনা যায় | দেৱীপক্ষৰ পূৰ্বৱৰ্তী অমাৱস্যাক মহালয়া বোলা হয় |মহালয়াৰ পিছদিনাৰপৰা মহা নৱমীলৈকে ন টা দিন পালন কৰা হয় |এইবাবে ইয়াক নৱৰাত্ৰি নামেৰেও নামকৰণ কৰা হয় |

দেৱী দুৰ্গা মূলত শক্তিৰ পূজাৰূপে খ্যাত |এইকাৰনে শক্তিৰূপিনী নামেৰেও জনা যায় |মা দুৰ্গাক সৃষ্টিৰ আদি শক্তি বুলি কোৱা হয় | শাস্ত্ৰমতে “দুৰ্গা” শব্দৰ অৰ্থ এনেধৰণে পোৱা যায়-‘দ’ মানে দৈত্যনাশক,’উ’মানে বিঘ্ননাশক, ‘ৰ’ মানে ৰোগনাশক,’গ’মানে পাপনাশক আৰু ‘আ’ মানে ভয় বা শত্ৰুনাশকৰূপে বুজায় |অৰ্থাৎ দৈত্য,বিঘ্ন,ৰোগ,পাপ আৰু ভয় শত্ৰুৰ বিনাশ কৰি  জগতৰ মঙ্গল সাধন কৰা |

শাস্ত্ৰ অনুসৰি  মা দুৰ্গাক সমস্ত জগতৰ ত্ৰাণকৰ্তা,দুৰ্গতিনাশিনী,সঙ্কটনাশিনী আৰু মঙ্গলকাৰিনী বুলি কোৱা হয় |মা দুৰ্গাৰ ন টা ৰূপ আছে | এই ৰূপসমুহ হ’ল-১)শৈলপুত্ৰী ২)ব্ৰক্ষ্মচাৰিণী ৩)চন্দ্ৰঘন্টা ৪)কুষ্মাণ্ডা ৫)স্কন্দমাতা ৬)কাত্যায়নী ৭)কালৰাত্ৰি ৮)মহাগৌৰী আৰু ৯)সিদ্ধিদাত্ৰী |

১)শৈলপুত্ৰীঃমা দুৰ্গাৰ প্ৰথম ৰূপটোক কোৱা হয় শৈলপুত্ৰী | শৈল শব্দৰ অৰ্থ গিৰি বা পৰ্বত |শাস্ত্ৰপুৰাণ মতে, দেৱী দুৰ্গাই গিৰিৰাজ হিমালয়ৰ ঔৰষত মেইনা দেৱীৰ গৰ্ভত জন্ম লৈছিল | শৈলপুত্ৰী অনন্ত শক্তি আৰু মহিমাৰ প্ৰতীকৰূপে অধিষ্ঠিত |

২)ব্ৰক্ষ্মচাৰিণীঃমা দুৰ্গাৰ দিত্বীয়টো ৰূপ ব্ৰক্ষ্মচাৰিণী |ব্ৰক্ষ্মচাৰিণী মানে তপচাৰিণী বা তপস্বীনি |ভগৱান শিৱক স্বামীৰূপে পাবৰ বাবে নাৰদ মুনিৰ পৰামৰ্শ অনুসৰি মা দুৰ্গাই তপস্যাত মগ্ন হৈ পৰিছিল |এইবাবে মা দুৰ্গাক তপস্বিনী বা ব্ৰক্ষ্মচাৰিণী বুলিও কোৱা হয় |

৩)চন্দ্ৰঘন্টাঃমা দুৰ্গাৰ আন এটা ৰূপ চন্দ্ৰঘন্টা |মা দুৰ্গাৰ মূৰত সদায় ঘন্টা আকৃতিৰ দৰে অৰ্ধচন্দ্ৰই বিৰাজমান কৰিছিল |দশভূজৰ প্ৰতিখন হাতত ভিন্ন অস্ত্ৰ আৰু বাণেৰে শোভিত হৈ সিংহৰ ওপৰত উঠি যুদ্ধৰ বাবে সাজু হৈছিল |এইকাৰণে মা দুৰ্গাক চন্দ্ৰঘন্টা নামেৰেও জনা যায় |

৪)কুষ্মাণ্ডাঃমা দুৰ্গাৰ চতুৰ্থটো ৰূপ হ’ল কুষ্মাণ্ডা | কুষ্মাণ্ডা শব্দৰ অৰ্থ কোমোৰা | মা দুৰ্গা দেৱীয়ে সদায় মৃদু হাঁহিৰে গোটেই জগত ৰচনা কৰিছিল |যিহেতু মা দুৰ্গা  সৃষ্টিৰ আদিস্বৰূপ |ভক্তসকলে কোমোৰাৰে বলি দি পূজা অৰ্চনা কৰিলে দেৱী মা সন্তুষ্ট হয় বুলি জনা যায় |এইকাৰণে মা দুৰ্গাক কুষ্মাণ্ডা বুলিও কোৱা হয় |

৫)স্কন্দমাতাঃমা দুৰ্গাৰ অন্য এটি ৰূপ স্কন্দমাতা |স্কন্দ অৰ্থাৎ কুমাৰ কাৰ্তিকেয় |কুমাৰ কাৰ্তিকৰ মাতৃ হোৱাৰ বাবে স্কন্দমাতাৰূপেও জনাজাত |

৬)কাত্যায়নীঃমা দুৰ্গাৰ পঞ্চমটি ৰূপ কাত্যায়নী |কাত্যায়ন মুনিৰ পূজা গ্ৰহণ কৰিছিল বাবে মা দুৰ্গাক কাত্যায়নী নামেৰেও জনা যায় |মৰ্ত্যত মহিষাসুৰৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবৰ বাবে ব্ৰক্ষ্মা,বিষ্ণু আৰু মহেশ্বৰে মহিষাসুৰক নিধনৰ বাবে কাত্যায়নী দেৱীৰ সৃষ্টি কৰিছিল বুলি জনা যায় |

৭)কালৰাত্ৰিঃদেৱী দুৰ্গাৰ সপ্তম ৰূপটোক কালৰাত্ৰি ৰূপে জনাজাত |এই দেৱীৰ বৰণ কৃষ্ণবৰ্ণা আৰু ত্ৰিনয়না |কালৰাত্ৰিক শুভংকৰী নামেৰেও জনা যায় কিয়নো কালৰাত্ৰিয়ে মানৱ সমাজৰ কল্যাণৰ অৰ্থে দুষ্টক দমন কৰি শান্তৰ বাবে শুভবাৰ্তা লৈ আনে  |

৮)মহাগৌৰীঃমা দুৰ্গাৰ অষ্টমটো ৰূপ হ’ল মহাগৌৰী |মহাঅষ্টমীৰ দিনা মহাগৌৰীক আৰাধনা কৰিলে সুখ-সমৃদ্ধি হয় বুলি ভক্তসকলে ধূপ-ধূনা,ফুলৰ মালাৰে পূজা উপাসনা কৰে |মহা মানে মহান |গৌৰী মানে ফাৰ্স অৰ্থাৎ মানে মৰমীয়াল ধুনীয়া,দয়ালু |এইদিনা মা দুৰ্গাক শঙ্খ ,ঘন্টা আৰু ফুলেৰে পূজা কৰিলে  ভয়,দুখ ,সংশাহ আদি দূৰ হয় বুলি জনা যায় |

৯)সিদ্ধিদাত্ৰীঃদেৱী মা দুৰ্গাৰ নৱমটি ৰূপ হ’ল সিদ্ধিদাত্ৰী |শাস্ত্ৰবিধান অনুযায়ী সকলো প্ৰকাৰৰ সিদ্ধি প্ৰদান কৰি ভক্তই উপাসনা কৰে |এনেকৈ কৰিলে সকলো মনোকামনা সিদ্ধি লাভ হয় বুলি কোৱা হয় |

দুৰ্গাপূজা বা দুৰ্গোৎসৱক ভাৰতৰ প্ৰায় পশ্চিমবংগ,অসম,বিহাৰ,ত্ৰিপুৰা,ঝাৰখণ্ড,উৰিষ্যা আৰু বাংলাদেশত পালন কৰা দেখা যায় |হিংসা,কপটতা,দুখ-দুৰ্গতি দূৰ কৰাৰ উদ্দেশ্যে ভক্তসকলে মা দেৱীৰ চৰণত সেৱা কৰে |শক্তি,বিদ্যাবুদ্ধি আৰু ঐশ্বৰ্যবিভূতি আদিৰ কামনাৰে মণ্ডপে মণ্ডপে মানুহৰ সমাগম হয় আৰু উদুলি-মুদুলি পৰিবেশে বিৰাজমান কৰে |

বিজয়া দশমীৰ দিনা বন্দনা আৰু আৰাধনাৰে সকলো সমাপ্ত হয় আৰু দেৱী দু্ৰ্গাক বিসৰ্জন দিয়া হয় |নানা বাদ্য-যন্ত্ৰৰে যেনে -ডবা,কাহ,ঘন্টা,ঢোলেৰে শোভাযাত্ৰা কৰি নদী বা জলাশয়ত মা দেৱীৰ প্ৰতিমা উটুৱাই দি বা বিসৰ্জন দি বছৰৰ বাবে  মা দুৰ্গাক বিদায় দিয়া হয় |এনেকৈয়ে মা দুৰ্গাই প্ৰত্যেক বছৰে কেইদিনমানৰ বাবে সকলোকে আনন্দমুখৰ পৰিবেশ সৃষ্টি কৰি  সকলোৰে পৰা  বিদায় দি নদীৰ সোঁতত  বিলীন হৈ যায় |