নৱবৰ্ষ মানেই নতুন ৰেঙণী  – মৰমী আহমেদ 

 নৱবৰ্ষ মানেই নতুন ৰেঙণী 

মৰমী আহমেদ 
             নলবাৰী

অনুভৱবোৰ একেই থাকিব
মাথোঁ পুৰণিৰ ঠাইত
কিছু নতুনৰ সংযোজন ঘটিব
সময়বোৰ ও সেই একেই থাকিব
মাথোঁ এটা সংখ্যাৰ হে সলনি ঘটিব
উশাহটি ও একেদৰেই থাকিব
হয়টো আশাবোৰেই কিছু বাগৰ সলাব
স্মৃতিবোৰ ও একেই থাকিব
মাথোঁ নতুনত্বই তাত কিছু ৰহণ সানি দিব
তাৰ পাছত ও ইমান আয়োজন কিহৰ বাবে
প্ৰতিবাৰেই আমি কিয়
ইমান মতলীয়া হৈ যাওঁ
যে নতুন সময় সমাগত বুলি
য’ত সকলোবোৰ একেই থাকিব
তাতেই আমি ইমান উত্ৰাৱলী হৈ পৰোঁ
কিয় জানে নে ?
সেয়াই হৈছে আশা
যাৰ বাবেই জীয়াই আছোঁ আমি
হেৰুওৱা সুখবোৰক আকৌ পাম বুলি
বিষাদে আৱৰি ধৰা হৃদয়খন
পুনৰ হব বুলি মুকলি
মৰহি যোৱা সপোনবোৰে ও
উঠে নকৈ সাজি কাঁচি
কিয় জানে
সেই নতুন সময়ে যেন
নতুন ৰূপত সজাই তুলিব
হৃদয়ৰ উপেক্ষিত বাসনাবোৰ
আৰু অধিক মধুৰ হৈ পৰিব
আমাৰ দীৰ্ঘদিনীয়া অপেক্ষাবোৰ ।