নৱতম প্রভাতৰ আলোক যাত্রী – ময়ূৰী বৰগোহাঁই

নৱতম প্রভাতৰ আলোক যাত্রী

 ময়ূৰী বৰগোহাঁই
নৱম শ্ৰেণী

প্রভাতী সূৰুযৰ আলোক যাত্রী
জ্বলায় নৱ নৱ ৰূপ-ৰস-গন্ধ-বর্ণ বন্তি।
বিয়পায় জগতত অচিৰদ্যুতি।
স্বাগত, নৱাগত অভিনৱ জ্যোতি
আমি নৱতম প্রভাতৰ আলোক যাত্রী।
আলোক সুৰভী প্রতিভাৰ নৱনৱোন্মেষী
আমি হলো অভিনৱ সৃষ্টিকামী।
মেদিনীৰ বুকুৰ বৰষি অগ্নি
আমি হলো নৱ-নৱ প্রভাতী।
বিশ্বৰ ছন্দে ছন্দে উদয় আৰু অস্তৰ
বর্ণ-বৈচিত্র্যৰ ছয়াময়া কাচোনেৰে
বাখৰখটোৱা সোণালী হেংদাঙেৰে
সমস্বৰে গাওঁ আজি মোৰ
নিৰুপমা জননীৰ জয়গান।
ভেদাভেদ আতৰায়
হাতে-হাত ধৰি বিজ্ঞান প্রজ্ঞাৰ
পথত উঠি আমি আকাশ চুবলৈ যাওঁ ।
যুগ-সভ্যতাৰ পাপ ক্লীৱময় যুগ অৱসি
আমি গঢ়ো সত্যৰ আলোকপাতে
সৌন্দর্যৰ নতুন ধৰণী।
হৰিজন, পাহাৰী,হিন্দু, মুছলিম
বড়ো, কোচ, চুতীয়া কছাৰী আহোম
লুইত পাৰৰ যত অসমী
আমি হ’লো অমৰণ অভগন
এক ৰক্তবীজ বিজয়ী যুগৰ।
ৰনোন্মত্ত দানৱ নাশি
গঢ়ো মানৱতাৰ পৃথিৱী।
সংস্কৃতিৰ স্রষ্টা আমি!
সংস্কৃতিৰ দ্রষ্টা আমি!
কুলষিত সমাজ নাশি
আমি গঢ়ো সভ্যতাৰ
শ্রেষ্ঠ “শিল্পীৰ পৃথিৱী” ।