নৱগ্ৰহ শ্মশানত পঞ্চভূতত বিলীন হ’ল যশস্বী অভিনেতা নিপন গোস্বামীৰ নশ্বৰ দেহ

Pc The Janambhumi

নৱগ্ৰহ শ্মশানত পঞ্চভূতত বিলীন হ’ল যশস্বী অভিনেতা নিপন গোস্বামীৰ নশ্বৰ দেহ

ৰঙিলী বাৰ্ত্তাসেৱা-  পঞ্চভূতত বিলীন হ’ল যশস্বী অভিনেতা নিপন গোস্বামীৰ নশ্বৰ দেহ। নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়। ৰাজ্যিক মৰ্যাদাৰে নিপন গোস্বামীৰ শেষকৃত্য কৰা হয়। অসংখ্য গুণমুগ্ধৰ উপস্থিতিত নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন অভিনেতাগৰাকীৰ। অসমৰ চিৰসেউজ অভিনেতাগৰাকীয়ে বৃহস্পতিবাৰে নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল। ১০০ৰো অধিক ছবিত অভিনয় কৰা গোস্বামীৰ মৃত্যুত সমগ্ৰ ৰাজ্য শোকস্তব্ধ হৈ পৰে। নিশাটো জ্যোতি চিত্ৰবনত ৰখা হয় অভিনেতাগৰাকীৰ নশ্বৰ দেহ। তাত অভিনেতাজনলৈ বিভিন্নজনে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আজি পুৱাই নিপন গোস্বামীৰ নশ্বৰ দেহ জ্যোতি চিত্ৰবনৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ লৈ যোৱা হয়। তাতো তেওঁলৈ বিভিন্নজনে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। তাৰ পিছতে অভিনেতাগৰাকীৰ নশ্বৰ দেহ লৈ যোৱা হয় দীঘলীপুখুৰী পাৰলৈ। দীঘলীপুখুৰী পাৰতো বিভিন্ন গুণমুগ্ধই অভিনেতাগৰাকীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। ৰবীন্দ্ৰ ভৱন আৰু শ্বহীদ ন্যাসতো অভিনেতাজনক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। তাৰ পিছতে নিপন গোস্বামীৰ নশ্বৰদেহ লৈ যোৱা হয় নৱগ্ৰহ শ্মশানলৈ। নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে অভিনেতাজনৰ শেষকৃত্য কৰা হয়।