নৰ্থ ইষ্ট এনিমেল প্ৰটেক্সন চ’ছাইটিৰ সংবাদমেলত অভিযোগ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত ‘কচহিদা’ স্বেচ্ছাসেৱী সংগঠনটোৰ জৰিয়তে চিন্দিকেট চলোৱাৰ অভিযোগ উত্থাপন কৰিছে নৰ্থ ইষ্ট এনিমেল প্ৰটেক্সন চ’ছাইটিয়ে৷ দিছপুৰ প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদমেলত উক্ত সংস্থাটোৰ মুখ্য উপদেষ্টা শিমুল সৰকাৰ আৰু ৰাজ্যিক সমন্বয়ক আবু নাছিৰ জেলানিয়ে অভিযোগ কৰি কয়-’কচহিদা’ স্বেচ্ছাসেৱী সংগঠনটোৰ সভাপতি-সম্পাদকদ্বয় ডা° সন্দীপ কুমাৰ হান্সে আৰু ডা° হিমাজিৎ কুমাৰ বৰ্মনে চিণ্ডিকেট ৰাজ আৰম্ভ কৰিছ৷ডা° সন্দীপ হান্সে সমাজ কল্যাণ বিভাগক মেনেজ কৰি এছএলচিএ গঠন কৰি ইয়াৰ জৰিয়তে একাংশ থলুৱা স্বেচ্ছাসেৱী সংস্থাক ব্লেকমেইলিং কৰি আহিছে৷ সংগঠনটোৰ সভাপতি-সম্পাদকৰ কাম-কাজৰ বিৰুদ্ধে বাৰম্বাৰ প্ৰশাসনক অৱগত কৰাৰ পাছতো কোনো ব্যৱস্থা হাতত লোৱা নাই৷এছএলচিএৰ জৰিয়তে হান্সেই সৰু সৰু স্বেচ্ছাসেৱী সংস্হাবোৰক ধন দাবী কৰাৰ লগতে কৰ্মচাৰীৰ পৰা উকা কাগজত চহী কৰি উক্ত কাম কৰি আহিছে৷আনহাতে চৰকাৰী পুঁজি লৈয়ো নিচাসক্ত লোকৰ পৰা প্ৰায় ২০,০০০ টকাকৈ সংগ্ৰহ কৰি আহিছে৷গুৱাহাটীৰ জয়ানগৰত এটা ঘৰ ভাৰা লৈ এই ধন সংগ্ৰহৰ কাম কৰি আহিছে৷ক্ষেত্ৰীত নিজৰ পাঁচ বিঘা মাটিত বিল্ডিং বনাই পত্নীৰ নামত ভাৰাৰ চুক্তি দেখুৱাই চৰকাৰৰ পৰা দুৰ্নীতিৰে প্ৰতিমাহত ১৬,৫০০ টকা হৰলুকী কৰি আহিছে হান্সেই৷ছেমাচিক নামৰ এজন কৰ্মচাৰীক ক্ষেত্ৰীত ৱাৰ্ড বই দেখুৱাই উক্ত কৰ্মচাৰীক জয়ানগৰত অডিআইচি নামৰ প্ৰজেক্টত নিয়োগ কৰি ধন সংগ্ৰহ কামত নিয়োগ কৰি আহিছে৷চৰকাৰী পুঁজিৰে আঁচনি চলোৱাৰ উপৰিও অধিক ব্যক্তিগত মুনাফাৰ বাবে ব্যক্তিগতভাৱে আৰম্ভ কৰিছে নিচামুক্তি কেন্দ্ৰ৷জয়ানগৰত পূৰ্বতে অডিআইচি আঁচনিৰ ঘৰটো দেখুৱাই আৰম্ভ কৰিছে এই কাম৷চিআইডিক অভিযোগৰ পাছতে বেনাৰ,ছাইন বোৰ্ড সলনি কৰি ব্যক্তিগত পৰ্যায়লৈ লৈ গৈছে হান্সেই৷