নৰেন্দ্ৰ মােদীয়ে মুকলি কৰিব শংকৰাচাৰ্যৰ আৱক্ষ মূর্তি বিজেপি অসম প্ৰদেশৰ উদ্যোগত ৰাজ্যৰ পাচঁটাকৈ স্থানত আয়ােজিত হ’ব আধ্যাত্মিক অনুষ্ঠান
ৰঙিলী বাৰ্ত্তাসেৱা- আজি দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মােদীয়ে কেদাৰনাথ মন্দিৰৰ আন্তঃগাঁথনি উন্নয়নৰ কাম শুভাৰম্ভণি কৰাৰ লগতে আদিগুৰু শংকৰাচাৰ্যৰ সমাধি ক্ষেত্ৰ আৰু আৱক্ষ মূর্তিৰ শুভ উন্মােচন কৰিব। তদুপলক্ষে আদিগুৰু শংকৰাচাৰ্যই ভ্ৰমণ কৰা দেশৰ বিভিন্ন ধার্মিক স্থানত ভাচুৱের্লযােগে এই অনুষ্ঠানৰ পােনপটীয়া সম্প্রচাৰ কৰাৰ লগতে বিভিন্ন অনুষ্ঠানৰ আয়ােজন কৰা হৈছে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি দেশৰ ভিন্ন প্রান্তৰ লগতে আদিগুৰু শংকৰাচাৰ্যই ভ্ৰমণ কৰি যােৱা অসমৰ কামাখ্যা মন্দিৰ, শিৱ দল, মহাভৈৰৱ মন্দিৰ, টিলিঙা মন্দিৰ আৰু টুকলেশ্বৰী (গােৱালপাৰা) শিৱ মন্দিৰত মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ উপস্থিতিত আধ্যাত্মিক অনুষ্ঠানৰ আয়ােজন কৰা হ’ব। তদুপলক্ষে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই ৰাতি পুৱা ৭:৪৫ বজাত কামাখ্যা মন্দিৰত উপস্থিত থাকি উক্ত অনুষ্ঠানৰ অংশীদাৰ হৈছে। ঠিক একেদৰে কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট মন্ত্রী সর্বানন্দ সােণােৱাল আৰু ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্রী যােগেন মহন শিৱসাগৰৰ শিৱদলত, তেজপুৰৰ মহাভৈৰৱ মন্দিৰত অসম চৰকাৰৰ মন্ত্রী পীয়ুষ হাজৰীকা, তিনিচুকীয়াৰ টিলিঙা মন্দিৰত কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু সাংসদ তথা ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লােচন দাস আৰু গােৱালপাৰা টুকলেশ্বৰীৰ শিৱ মন্দিৰত অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ৰণজিৎ কুমাৰ দাস উপস্থিত থাকিব।