নয়নমণি শইকীয়াক ডিএছপি পদৰ নিযুক্তি পত্ৰ প্ৰদান

Pc Facebook

নয়নমণি শইকীয়াক ডিএছপি পদৰ নিযুক্তি পত্ৰ প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  কমনৱেলথ গেমছত স্বৰ্ণজয়ী নয়নমণি শইকীয়াক উপ-আৰক্ষী অধীক্ষক পদত নিযুক্তি। জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নয়নমণি শইকীয়াক আনুষ্ঠানিক ভাৱে প্ৰদান কৰিলে উপ-আৰক্ষী অধীক্ষক পদৰ নিযুক্তি পত্ৰ।ক্ৰীড়া পেঞ্চন দিৱস উপলক্ষে জনতা ভৱনত আয়োজিত অনুষ্ঠানত নয়নমণিক প্ৰদান কৰা হয় নিযুক্তি পত্ৰ।অসম চৰকাৰে নয়নমণিলৈ আগবঢ়ালে ৫০ লাখ টকা।উল্লেখযোগ্য যে,কমনৱেলথ গেমছত ল’নবলত স্বৰ্ণপদক অৰ্জন কৰিছিল নয়নমণি শইকীয়াই।কমনৱেলথ গেমছ, ২০২২ত স্বৰ্ণ পদক অৰ্জন কৰা ভাৰতীয় মহিলা দলৰ অন্যতম সদস্য নয়নমণি শইকীয়াক ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি ডিএছপি হিচাবে নিযুক্তি দিয়া হৈছে।