নীৰজে এই বছৰ মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা লাভ কৰিব লাগে: ভুটীয়া

Pc- times Now

নীৰজে এই বছৰ মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা লাভ কৰিব লাগে: ভুটীয়া

অনলাইন বাৰ্ত্তাসেৱা- ভাৰতীয় পুৰুষ ফুটবল দলৰ প্ৰাক্তন অধিনায়ক ভাইচুং ভূটিয়াই কয় যে টকিঅ’ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা এই বছৰ মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা প্ৰাপ্য। নীৰজে ৮৭.৫৮ মিটাৰ দূৰত্বত জেভলিন দলিয়াই ভাৰতৰ প্ৰথমট্ৰেক এণ্ড ফিল্ড অলিম্পিক স্বৰ্ণ পদক জিকিছিল। লক্ষণীয়ভাৱে, এইটো নীৰজৰ প্ৰথম অলিম্পিক আছিল। খেল ৰত্ন বঁটা ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান।