নীলাচল জাতীয় বিদ্যালয়ত ‘স্বাগতম’ অনুষ্ঠান

নীলাচল জাতীয় বিদ্যালয়ত ‘স্বাগতম’ অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা-  নীলাচল জাতীয় বিদ্যালয়ত ২০২২-২৩ বৰ্ষৰ নৱাগত শিক্ষাৰ্থীসকলৰ আদৰণি অনুষ্ঠান ‘স্বাগতম’ অনুষ্ঠিত হয়৷বিদ্যালয়ৰ নৱাগত ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপনৰ লগতে আদৰণি জনাবলৈ এই অনুষ্ঠান অনুষ্ঠিত হয়৷নৱাগত ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ পৰা তেওঁলোকৰ মতামত তথা দিহা পৰামৰ্শ অৱগত কৰাবলৈ ‘অন্তৰংগ আলাপ’ অনুষ্ঠানো অনুষ্ঠিত হয়৷বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ কলিতাই৷আৰম্ভণিতে প্ৰাক প্ৰাথমিক শ্ৰেণীৰ ছাত্ৰী নেইনা পাঠকে এটি সুন্দৰ কবিতা, চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী বাস্তৱিকা ৰাজনন্দীয়ে শিশুগীত,দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী বিদিশা দাস,তৃতীয় শ্ৰেণীৰ ছাত্ৰী জচিকা দাস আৰু প্ৰাক প্ৰাথমিক শ্ৰেণীৰ ছাত্ৰী প্ৰিয়াঞ্চী দাসে নৃত্য পৰিৱেশন কৰে৷বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ কলিতাই ছাত্ৰ ছাত্ৰীসকলক স্কুলীয়া শিক্ষা আহৰণত মাতৃভাষাৰ গুৰুত্বৰ বিষয়ে কয়৷বিদ্যালয়ৰ শিক্ষয়িত্ৰী মানসী দাসে আঁত ধৰা অনুষ্ঠানত নৱাগত ছাত্ৰ ছাত্ৰীক একোজোপাকৈ গছৰ পুলি উপহাৰ হিচাপে আগবঢ়ায়৷