নীলকণ্ঠ
দেৱৰো দেৱ তুমি,
সকলোৰে মহাশক্তি।
সকলোকে তুমি প্রাণ দিলা,
ভক্ত সকলৰ অমৃত, তুমি ভোলা।
কৈলাশ পর্বতে থাকা তুমি,
সদায়ে য’ত তুমি কৰা সমাধি।
নন্দী তোমাৰ ভক্ত, আৰু বাহন,
প্ৰকাশী তোমাৰ দিব্য বদন।
সকলোৰে যে মহাকাল তুমি,
সকলোৰে তুমি, আদি, সমাপ্তি।
পবিত্র শ্মশানে তুমি থাকা,
শ্মশানত তুমিয়েই আত্মাক, মুক্তি দিয়া।
জগতত অধৰ্ম বাঢ়িলেই তুমি, লোৱা অৱতাৰ,
ধর্মক স্থাপিবলে অধর্মক তুমি, কৰা সংহাৰ।
সত্য যুগে যেতিয়া তুমি, সতীক হেৰুৱালা,
ক্রোধান্বিত হৈ তুমি, বীৰভদ্ৰ হ’লা।
হনুমানো হয় তোমাৰেই অৱতাৰ,
ৰামেই যে প্ৰিয়, ৰামেই সংসাৰ।
অমৃত মন্থনে তুমি, বিষ পান কৰিলা,
সংকট আঁতৰায় তুমি, নীলকণ্ঠ হ’লা।
যতাত তুমি ভগীৰথীক, কৰিলা ধাৰণ,
সংকটৰ পৰা তুমি, কৰিলা ৰক্ষণ।
ভাংগৰ স’তে কোনে সম্বন্ধ স্থাপিছে ?
অপমান কৰি কিয়, মিছা জ্ঞান দিছে!
দেৱ আদি দেৱ মহাদেৱ মহান,
হব নোৱাৰে কোনো মহাদেৱৰ সমান।
প্ৰণামো তোমাক শত-কৌটি বাৰ!
মঙ্গলময় কৰা তুমি ইহ সংসাৰ !
-নিতিমান দাস
অষ্টম শ্রেণী