নীতি নিদের্শনা জাৰি মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জৰুৰীকালীন আঁচনি 

pc the sentinel assam

নীতি নিদের্শনা জাৰি মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জৰুৰীকালীন আঁচনি 

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰে “মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জৰুৰীকালীন আঁচনি” নামেৰে এখন নতুন আঁচনি প্ৰৱৰ্তন কৰিছে। সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সচিবালয়ে এই আঁচনিখন ৰূপায়ণৰ বাবে নীতি-নিদের্শনা জাৰি কৰিছে। সেই অনুসৰি আঁচনিখনৰ বাবে বছৰেকীয়া ৰাজ্যিক বাজেটৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ বাবে নির্ধাৰিত মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জৰুৰী অৱস্থাৰ অধীনত থকা পুঁজি ব্যৱহাৰ কৰা হ’ব। আঁচনিখনৰ মূল উদ্দেশ্য হ’জৰুৰী অৱস্থাত ক্ষিপ্রতাৰে জনসাধাৰণৰ বাবে আর্থিক সাহায্য আগবঢ়োৱা। এই উদ্দেশ্যৰে আঁচনিখনৰ বাবে নির্ধাৰিত পুঁজি বিত্ত বিভাগৰ অনুমতি সাপেক্ষে ৰাজহুৱা খণ্ডৰ বেংকত চেভিংচ একাউণ্টত ৰখা হব। এই একাউন্ট অসমৰ মুখ্যমন্ত্ৰীয়ে তদাৰক কৰিব আৰু ইয়াৰ পৰা লাভ কৰা সুত বিত্তীয় বর্ষটোৰ শেষত চৰকাৰী ৰাজকোষত প্রদান কৰা হ’ব। আঁচনিখনৰ অধীনত থকা পুঁজি নিয়মীয়া বাজেটে সামৰি নােলােৱা প্রাকৃতিক দুর্যোগ, সংঘর্ষ তথা দুঘর্টনাগ্রস্ত লােকক আর্থিক সাহায্য প্রদানৰ বাবে ব্যৱহাৰ কৰা হব । তদুপৰি, জনসাধাৰণৰ বাবে অসাধাৰণৰ সেৱা আগবঢ়োৱা লােক, ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হােৱা ক্রীড়া, সংস্কৃতি তথা শৈক্ষিক জগতৰ সৈতে জড়িত লােকলৈও এই পুঁজিৰ পৰা আর্থিক সাহায্য আগবঢ়োৱা হ’। লগতে নিয়মীয়া চৰকাৰী আঁচনিয়ে সামৰি নােলােৱা ৰাজ্যখনৰ বিভিন্ন অনুষ্ঠানলৈ কর্মশালা, আলােচনা চক্র তথা উৎসৱ আদি অনুষ্ঠিত কৰিবলৈও সাহায্য আগবঢ়োৱা হব। ইয়াৰােপৰি সামাজিক, সাংস্কৃতিক তথা শৈক্ষিক অনুষ্ঠানৰ আন্তঃগাঁথনি উন্নয়নৰ বাবেও আঁচনিখনৰ জৰিয়তে পুঁজি উপলব্ধ কৰা হ’ব। 

উল্লেখযােগ্য যে, মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জৰুৰীকালীন আঁচনিন মুখ্যমন্ত্ৰীৰ সচিবালয়ে ৰূপায়ণ কৰিব আৰু ইয়াৰ বাবে পুঁজি মুখ্যমন্ত্ৰীৰ সন্মতিমর্মে অনুমােদন জনােৱা হ’ব বুলি অধিসূচনাত উল্লেখ কৰা হৈছে।