নিৰ্বাচন আহিলেই মেৰু বিভাজনৰ ধুম উঠে – নাছিৰ আহমেদ

PC - Zee Business
নিৰ্বাচন আহিলেই মেৰু বিভাজনৰ ধুম উঠে
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
বৰ্তমান আমাৰ দেশ ভাৰতবৰ্ষত  ৰাজনৈতিক দলসমূহে ৰাজনীতিৰ সকলো আদৰ্শ জলাঞ্জলি দি ধৰ্মীয় মেৰুকৰণৰ জৰিয়তে তেওঁলোকে ৰাজনৈতিক কুচ-কাৱাজ চলাই থকা নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে। এই মেৰুকৰণৰ ৰাজনীতি কোনোবাই প্ৰকাশ্য ভাবে কৰি আছে, কোনোবাই আকৌ ছদ্মবেশত চলাই আছে। বিশেষকৈ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন বা কেন্দ্ৰৰ লোকসভাৰ নিৰ্বাচন সমাগত হ’লেই এই ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি তুঙ্গত উঠে। আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ পিছৰ তিনিটা দশকত এই ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি গোপনে গোপনে চলি আছিল,সেয়া ৰাজনীতিৰ মাপকাঠি হিচাপে নিৰ্ণায়ক ভূমিকা পালন কৰা নাছিল। কিন্তু সম্প্ৰতি ভাৰতীয় জনতা পাৰ্টিয়ে কেন্দ্ৰ তথা প্ৰায় ভাগ ৰাজ্যত শাসনৰ গাদী দখল কৰাৰ পিছৰে পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বাৰা পৰিচালিত হৈ ভাৰতীয় জনতা পাৰ্টীৰ উগ্ৰ হিন্দুত্ববাদী সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি এতিয়া দেশৰ মূল উদ্দেশ্য আৰু লক্ষ্যত উপনীত হৈছে। এতিয়া যিহেতু দেশৰ অৰ্থনৈতিক অৱস্থা অতি শোচনীয় হৈ পৰিছে। দেশৰ উন্নয়ন স্থবিৰ হৈ পৰিছে, গতিকে নিৰ্বাচন সন্মুখত আহিলেই দেশৰ শাসক গোষ্ঠীয়ে নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ বাবে এই সাম্প্ৰদায়িক বিভাজনৰ ট্ৰাম কাৰ্ডটো বেছিকৈ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে। এইবাৰ তিনিখন ৰাজ্যৰ (মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীছগঢ়) নিৰ্বাচনত বৰ্তমান বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰে জিকাৰ মূল মন্ত্ৰই আছিল যে , ভাৰতৰ সংখ্যা-গৰিষ্ঠ হিন্দু ধৰ্ম সংখ্যা-লঘু ইছলাম ধৰ্মৰ দ্বাৰা সংকটৰ সন্মুখীন হৈছে বুলি নিৰ্বাচনৰ ইস্তাহাৰত ঘোষনা কৰা।  এই ক্ষেত্ৰত কংগ্ৰেছ দলে নিজকে ধৰ্ম -নিৰপেক্ষ ৰাজনৈতিক দল বুলি ঘোষণা কৰে যদিও কাৰ্য-ক্ষেত্ৰত সংখ্যা-লঘু মুছলমানৰ ভোট লাভৰ বাবে এই দলে সদায় হেতা ওপৰা লগোৱা দেখা যায়। মুছলমানসকলৰ দৰদী ৰাজনৈতিক দল বুলি নিজকে জাহিৰ কৰি কংগ্ৰেছ দলেও নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ বাবেই অহৰহ চেষ্টা চলায় । উদাহৰণ হিচাপে নেলীৰ হত্যাকাণ্ডৰ সুদীৰ্ঘ চল্লিশ বছৰ পিছতহে অসমৰ বৰপেটাৰ সাংসদগৰাকী পাৰ্লিয়ামেন্টত ভাষণ প্ৰদান কৰি নেলীৰ হত্যাকাণ্ডত নিহত হোৱা সংখ্যা-লঘু  মুছলমানসকলক শ্বহীদ বুলি ঘোষণা কৰিব লাগে বুলি কেন্দ্ৰীয় চৰকাৰক দাবী কৰাৰ আঁৰত নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ মাষ্টাৰ প্লেনৰ বাহিৰে একো নহয়।বিজেপি দলে যেনেকৈ হিন্দুত্ববাদীৰ শ্লোগান দি হিন্দু সকলৰ হৃদয় জয় কৰিবলৈ চেষ্টা কৰি আছে, ঠিক তেনেকৈ অসমৰ মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বত গঠিত হোৱা এ ইউ ডি এফ দলে আকৌ সংখ্যা-লঘু বিশেষকৈ পূৰ্ব-বঙ্গীয় মূলৰ মুছলমান সকলৰ ভোট লাভৰ বাবে সদায় ঘড়িয়ালৰ চকু পানী টোকা দেখা যায়। অথচ, ৰাজ্যৰ বা আমাৰ দেশৰ জনসাধাৰণৰ ( কি সংখ্যা-গুৰু হিন্দু ,কি সংখ্যা-লঘু মুছলমান)সৰ্ব প্ৰকাৰৰ উন্নয়নৰ হকে এই ৰাজনৈতিক দলসমূহে কোনো কাম কৰা দেখা নাযায়। কেৱল সমাজত সাম্প্ৰদায়িক বিভাজনৰ  বিষবাষ্প বিয়পাই দি দেশৰ নিৰীহ জনতাক উচটাই এওঁলোকে জোল খাই আছে। যেতিয়ালৈকে এই মেৰু বিভাজনৰ ৰাজনীতি বন্ধ নহ’ব, তেতিয়ালৈকে দেশৰ সৰ্বাঙ্গীন উন্নতি সুদূৰ পৰাহত।