নিৰ্গমন নিয়ন্ত্ৰণ কৰিবলৈ মহাৰাষ্ট্ৰত বৈদ্যুতিক বাহনৰ পদক্ষেপ 

নিৰ্গমন নিয়ন্ত্ৰণ কৰিবলৈ মহাৰাষ্ট্ৰত বৈদ্যুতিক বাহনৰ পদক্ষেপ

অনলাইন বাৰ্তাসেৱা – বায়ু প্ৰদূৰ্ষণ হ্ৰাস কৰাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে, মুম্বাইত চলি থকা সমগ্ৰ বেষ্ট ফ্লীট (বৃহন্মুম্বাই বৈদ্যুতিক যোগান আৰু পৰিবহন) বৈদ্যুতিক বাছলৈ সলনি হ’ব য’ত নিৰ্গমন নাই আৰু সেউজ প্ৰযুক্তি বুলি গণ্য কৰা হয়।

ৰাজ্যৰ পৰিৱেশ মন্ত্ৰী আদিত্য ঠাকৰেৰ দ্বাৰা এই ঘোষণা কৰা হৈছিল। ডিজেল চলিত বাছৰ পৰা বৈদ্যুতিক বাহনলৈ সলনি কৰাৰ পদক্ষেপ কিছু সময়ৰ পৰা কামকৰি আছিল আৰু অৱশেষত চহৰখনৰ ৰাজহুৱা বাছবোৰ বৈদ্যুতিক হ’ব।