নিষ্ঠুৰতাৰ বলি
মনোমোহা হাঁহিৰে ঠন ধৰি উঠা
ফুলৰ কলি তুমি নন্দিতা ।
অকালতে মৰহি গ’লা ।
অলেখ আশা অলেখ সপোন লৈ
জীৱন পথত আগবাঢ়োতেই ….
হঠাৎ সকলো শেষ।
মানুহ ৰূপী দানৱৰ নিষ্ঠুৰতাৰ বলি হৈ
জীৱন আহুতি দিলা।
সকলোকে কন্দুৱাই হাঁহি হাঁহি
তুমি গুচি গলা
আজান দেশলৈ….।
ময়ূৰাক্ষী গগৈ।
যোৰহাট