‘নিয়া’ৰ অভিযানে স্পষ্ট কৰে যে অসমত মৌলবাদী শক্তি এতিয়াও লুকাই আছেঃ মুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- গোৱালপাৰা জিলাত ৯জন আৰু হোজাইত ১জন লোকক সন্ত্রাসবাদী সংগঠন জইছ-ই-মহম্মদৰ সৈতে জড়িত থকাৰ অভিযোগত ‘নিয়া’ই গ্ৰেপ্তাৰ কৰা ঘটনাই ৰাজ্যজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে । ‘নিয়া’ৰ অভিযানক লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রতিক্রিয়া প্রকাশ কৰি কয় যে ‘নিয়া’ৰ এই অভিযানে স্পষ্ট কৰে যে অসমত মৌলবাদী শক্তি এতিয়াও লুকাই আছে। বিশেষকৈ নামনি অসমত ১০জন লোকক ‘নিয়া’ই কৰা গ্ৰেপ্তাৰে আকৌ এবাৰ প্ৰমাণ কৰিছে যে মৌলবাদীৰ পৰা যি প্রত্যাহ্বান আহিছে, ই দৰাচলতে প্রকৃত। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- বহু সময়ত এনেবোৰ কথা ক’লে এচাম মানুহে আমাক টুলুঙা বক্তব্য কোৱা বুলি কটাক্ষ কৰিছিল। কিন্তু বাৰে বাৰে প্ৰমাণ হৈ আহিছে যে আমি যি কথা কৈছোঁ, সি সঁচা। যেতিয়া ‘নিয়া’ই ৰাষ্ট্ৰজুৰি অভিযান চলায়, তেতিয়াই অসমত এজন নহয় এজন এনে লোক ধৰা পৰেই। অসমত যে মৌলবাদী শক্তি সোমাই আছে সেয়া প্রমাণ হোৱাৰ পাছত আমি সাৱধানে থকাৰ প্ৰয়োজন আছে। শেহতীয়াকৈ সোণাপুৰৰ উচ্ছেদৰ সময়ত যি শ্লোগান ব্যৱহাৰ কৰা হৈছিল সেইবিলাকে প্রমাণ কৰে যে ক’ৰবাত নহয় ক’ৰবাত মৌলবাদীৰ মানসিকতা এটা অসমত নির্মাণ কৰি থকা হৈছে। সোণাপুৰৰ ঘটনা আৰু গোৱালপাৰাত গ্ৰেপ্তাৰৰ ঘটনাই এইটোকে প্ৰমাণ কৰিছে যে অসমত অহা ১০-১৫ বছৰত খিলঞ্জীয়া লোকসকলে গভীৰ অনিশ্চয়তাত বাস কৰিব লাগিব। আমাৰ বাবে এয়া জীৱন ধাৰণ কৰাটো বহু কঠিন হ’ব। মুখ্যমন্ত্রীয়ে জইছ-ই-মহম্মদৰ সক্রিয়তা সন্দৰ্ভত লগতে কয় যে এনে শক্তিসমূহ যোৱা তিনি মাহৰ পৰা অসমত ঘুৰি আছে। যেতিয়াই তেওঁলোকে গম পায় যে বনভূমি অথবা ট্রাইবেল বেল্টত উচ্ছেদ হ’ব, তেওঁলোকে মানুহক সমৱেত কৰাৰ কামত নামি পৰে। এনে বহু তথ্য আমাৰ হাতত আহি পৰিছে। এই লোকসকলে আইনৰ অন্তিম সীমাত থিয় দি কাম-কাজ অব্যাহত ৰাখিছে, যাতে তেওঁলোকে আইনবিৰোধী হিচাপে চিহ্নিত নহয়। কিন্তু আৰক্ষীয়ে এইসকল লোকৰ ওপৰত নজৰ দি আছে।