নিয়ম — লক্ষীপ্ৰিয়া বৰা। গোলাঘাট

নিয়ম

আজি জীউমণৰ জোৰোণ। আয়তীৰ উৰুলি, বিয়ানাম, দৰাঘৰীয়া কইনাঘৰীয়া আইসকলৰ হাঁহি ধেমালিৰ মাজত কইনা হৈ ফুলাম পাটীত বহি আছে তাই ।

দুৰু দুৰু কঁপে বুকু
অজান পুলক লাগি
কিনো পিন্ধিম কি যে কৰিম
লগন আহিল চাপি ঐ ৰাম লগন আহিল চাপি….

মাক দেউতাকৰ একমাত্ৰ সন্তান বৰ আলাসত ডাঙৰ দীঘল হোৱা জীউমণ। চেলেং চাদৰ এখনেৰে দীঘল ওৰণি লৈ আঁঠুতে মূৰ গুজি বহি আছে। ভাৱনাৰ ঢৌৰে ওন্দোলি আছে তাইৰ হৃদয়াকাশ। বিয়ানামৰ কৰুণ সুৰে দুৰু দুৰুকৈ জোকাৰি আছে তাইৰ বুকুখন। দুচকুত দেউতাকৰ মুখখন, মাকৰ মুখখন আৰু সৰুৰে পৰা এতিয়ালৈকে ঘৰখনত পাৰ কৰা সময়বোৰ দুচকুৰ সন্মুখত দৌৰি আছে। বুকু ফাটি বৈ আহিব খোজা চকুপানীৰ সোঁতটো প্ৰতি উশাহত গিলি থৈছে তাই। অকণমান চকুহাল চলচলীয়া হ’লেই তাইৰ কাষে কাষে থকা বৰদেউতাকৰ জীয়েক তৰা বায়েকে সকীয়াই দিয়ে “নেকান্দিবি জীউ, তই কান্দিলে খুৰা খুৰীয়েও কান্দিব নহয়।” নাইকন্দা তাই। মাকে চাদৰৰ আঁচলত ধৰি ভিতৰৰ পৰা উলিয়াই আনোতেও কন্দা নাই। কেনিও নোচোৱাকৈ তলমূৰকৈ ওলাই আহিছে মাকৰ পিছে পিছে । মাকৰ চকুৱে চকুৱে পৰিব নোৱাৰি এইখিনি সময়ত। তাইক বহুৱাই মাকও তাত এখন্তেকো নাই ৰোৱা । তাই জানে ক’ৰবাত এচুকত সোমাই দেউতাকে নেদেখাকৈ চকুহাল মোহাৰি লৈ ওঁঠত হাঁহি এটি পিন্ধি নিশ্চয় অতিথি আপ্যায়নত ব্যস্ত হৈছে।
আয়তীয়ে বিয়ানাম জুৰিছে–

মাৰাৰ অলংকাৰ
থোৱা কাটি কৰি
দেউতাৰাৰ অলংকাৰ থোৱা হে’…
ৰামে দি পঠাইছে বিচিত্ৰ অলংকাৰ
হাত যোৰে কৰি লোৱা হে’….।।
শাহুৱেকে এপদ এপদকৈ কাপোৰ গহণা আদি তাইৰ হাতেৰে স্পৰ্শ কৰাইছে, আন এগৰাকীয়ে সমাজৰ আগত বস্তুবোৰ দেখুৱাইছে। বস্তু বোৰ দেখুৱাই হ’লত শাহুৱেকে সোণৰ আঙুঠি এটা তাইৰ মূৰত থৈ তেলৰ বটলেৰে তিনিবাৰ তেল ঢলাৰ নিয়ম কৰিলে। আয়তীসকলে উৰুলি দিলে। দীঘল দীঘল কৈ তিনিবাৰ। ফণীখনেৰে সেঁওতাৰ দুয়োফালে ফুৰাই দিলে তেওঁ। তাৰ পিছত সেন্দুৰৰ টেমাটোৰ পৰা সোঁহাতৰ অনামিকা আঙুলিত সেন্দুৰ অকণ লগাই আনিলে । তাই চকুহাল জোৰকৈ মুদি দিলে।
উফ্!! এই মাত্ৰ যেন তাইৰ পৃথিৱীখন সলনি হৈ যাব। আয়তীৰ উৰুলিত মুখৰিত হোৱা এক লহমা মাত্ৰ সময়তে তাই ছোৱালীৰ পৰা বোৱাৰী হ’ব। তাই মাক দেউতাকৰ একমাত্ৰ জীয়ৰীৰ পৰা কাৰোবাৰ পত্নী হ’ব। কাৰোবাৰ বোৱাৰী হ’ব। সেন্দুৰ পিন্ধি তাই বাৰু মাক দেউতাকৰ আগত কেনেকৈ উলাব!!
চকু মুদিয়েই তাই অনুভৱ কৰি থাকিল মাথোঁ তাইৰ সেঁওতাত,কপালত জীৱনৰ পট পৰিৱৰ্তন কৰা এটি ক্ষণিকৰ পৰিক্ৰমা স্পৰ্শ।
কোনোবাই কৈ উঠিল নাকত সেন্দূৰ পৰিছে দেই, অনুজে বৰ মৰম কৰিব আমাৰ জীউক। তাই লাজ লাজকৈ মিচিকিয়ালে। অজান শিহৰণ এটাই চুই গ’ল পলকতে তাইক।
দৰাৰ মাহীয়েক এগৰাকীয়ে বৰ মৰম কৰি তাইক সজাবলৈ উঠি আহিছে। মাহীয়েকে চেলেং চাদৰ খন আঁতৰাই তাইৰ থুঁতৰিত ধৰি ওপৰলৈ মুখখন দাঙি মৰমেৰে গালখন মোহাৰি দিলে। “অনুজৰ পছন্দ বৰ ধুনীয়া দেই” বুলি তাইক জোকালেও। তেওঁ তাই পিন্ধি থকা কাপোৰবোৰ, অলংকাৰ বোৰ এপদ এপদ কৈ খুলি ওচৰতে বহি থকা তৰা বায়েকক চমজাই দিছে।
তাইৰ আপোন, চিনাকি গোন্ধ থকা বস্তুবোৰ লাহে লাহে তাইৰ পৰা আঁতৰ হৈ গৈ আছে। নতুন আ-অলংকাৰ, কাপোৰৰ অচিনাকি গোন্ধে তাইক মেৰিয়াই ধৰিছে। তাই যেন ঘৰখনৰ পৰা, মাক-দেউতাকৰ পৰা আঁতৰি গৈ আছে। আয়তীসকলে বিভিন্ন কথা, যোৰানাম, ৰং ধেমালিৰে চৌপাশ মুখৰ কৰিছে। জীউমণৰ বুকুখনক চিনাকি আপোন ঠাইকণ, মৰমৰ ঘৰখন, মাক দেউতাকৰ সৈতে মৰমৰ ঘৰখনত প্ৰতি মুহুৰ্ততে থাকিবলৈ নোপোৱাৰ বেদনাই থকা সৰকা কৰিছে।
তাইৰ অন্তৰখনে হাওহাওকৈ কান্দি পেলাইছে। কিন্তু ডাঙৰকৈ কান্দিব নোৱাৰে। তাই কান্দিলে মাক দেউতাকে কেনেকৈ সহিব!
তাইৰ আশে-পাশে বহি থকা মানুহবোৰেও বুজে, লাহে লাহে পতা কথাবোৰ তাইৰ কাণত পৰে। “সেইকাৰণে আৰু এটা ল’ছালি লাগে। এতিয়া নাই বুলিলে নাই। ছোৱালীজনী ওলাই যোৱাৰ পিছত উদং হৈ পৰিব।”

তাই বুজি নাপায় এইখিনি তাইৰ জীৱনৰ ভাল লগা সময় নে বেয়া লগা সময়(?) তাই এটাই বুজিছে এইখিনিয়েই তাইৰ জীৱনৰ, অকল তাইৰেই নহয় প্ৰত্যেক নাৰীৰ জীৱনৰ চিৰস্মৰণীয় সময়। সকলোৱেই সহি আহিছে। দুবছৰৰ আগতে তৰা বায়েকৰ বিয়া, তায়ো সহিছিলে এনেকৈয়ে। তৰা বা, মাক, বৰমাক, শাহুৱেক, তাইৰ চাৰিওফালে বহি থকা বিবাহিত সকলো নাৰীয়েই এই নীতি নিয়মৰ ভৰ সহি চকুলো বোৱাই পাৰ কৰি আহিছে এই সময়বোৰ।

এই সময়খিনি পাৰ কৰা যে বৰ দুৰ্বিসহ হৈছে! তাতে বিভিন্ন নিয়মবোৰৰ বাবে তাই বাৰে বাৰে অসহজ হৈছে। আবেগিক হৈছে। চকুপানী বোৰ গিলি গিলি তাই ভাগৰি গৈছে। জোৰোণৰ আগদিনা কন্যাদানৰ ভোজৰ দিনা বৰমাকে কৈ আছে মাৰ দেউতাৰক তামোল এখন দি সেৱা কৰিব লাগিব জীউ। এইটো নিয়ম। তাই নকৰে। কেনেকৈ মুখামুখি হ’ব। এইকেইদিন এনেও তাই মাক দেউতাকৰ পৰা আঁতৰিয়েই ফুৰিছে!খুউব কমকৈ হে মুখা মুখি হৈছে। বিয়াৰ জা- যোগাৰ, আলহি দুলহীৰ উখল মাখলত তাই আঁতৰি থকাৰ সুবিধাও পাইছে। লুকাই লুকাই কান্দিছে তাই। ভাতৰ পাত একেলগে বহিলেও কেনিও নোচোৱাকৈ তলমূৰকৈ পটাপট খাই উঠি আহে। মনলৈ আহে আৰু কেইটামান দিনৰ পিছত এইখন মজিয়াত তাই নোহোৱাকৈ ভাত খাব লাগিব। পাৰিবনে মাক দেউতাকে!মাকৰ সৈতে কটোৱা প্ৰতিটো পলে তাইক জোকাৰি আছে। কিয় জানো সৰুকালৰ কথাবোৰ তাইৰ এইকেইদিন বৰ বেছিকৈ মনত পৰিছে। বেমাৰ আজাৰ হ’লে ভাত খুৱাই দিয়া। স্কুললৈ যাওঁতে মাকে চুলি আঁচুৰি দিয়া, দেউতাকৰ চাইকেলত উঠি স্কুললৈ যোৱা, স্কুলৰ পৰা অহাৰ পৰা ছাঁৰ দৰে মাকৰ আচলত ধৰি লাগি ফুৰা। ডাঙৰ হোৱাৰ পিছতো প্ৰতিটো কথাতে মা মা কৈ চিঞৰি মাকৰ ধমকো খাই তাই। প্ৰতিটো কথা, প্ৰতিটো কাম মাকে কৈ নিদিলে, মাকে চাই নিদিলে শান্তি নাপায় তাই। আৰু দেউতাকে, হোৱাই নোহোৱাকৈ যেতিয়াই তেতিয়াই যে তাইক চিঞৰি খং উঠাই। ৰাতিপুৱা শুই উঠাৰ পৰা জীউ, ইফালে জীউ, সিফালে জীউ। পাৰিবনে দেউতাক তাইৰ অবিহনে থাকিব। তাই নহ’লে পেটলৈ ভাতকে নাযায়। মোমায়েকৰ ঘৰত, পেহীয়েকৰ ঘৰত কেইদিনমানৰ বাবে থাকিবলৈ গ’লে পিছদিনাই লৈ আনেগৈ।
তাই ভালকৈয়ে অনুভৱ কৰিছে যে তাইৰ দৰেই একেবোৰ কথাকে ভাৱি এইকেইদিন মাক দেউতাকেও কান্দিছে তাইৰ অগোচৰে। তেনেস্থলত তামোল দি সেৱা কৰিবলৈ গ’লে কি পৰিস্থিতি হ’ব তাই বাৰুকৈ জানে। সেই মূহুৰ্তত তাই, মাকে ,দেউতাকে পাৰিবনে হৃদয় চেপি লুকুৱাই থোৱা চকুপানীবোৰ ধৰি ৰাখিব!!
ইমান সাহসী তাই নহয়!! মাকৰ, মাকতকৈও দেউতাকৰ চকুত চকুপানী চাব পৰাকৈ সাহসী নহয় তাই। কিবা কিবি অজুহাত উলিয়ায় এতিয়ালৈকে মাক দেউতাকক তামোল দিয়া নাই।
জোৰোণৰ দিনটো বিভিন্ন নিয়মেৰে পাৰ হ’ল। আলহীৰ ওখল মাখল। বিয়াঘৰৰ উদুলি মোদোলি পৰিবেশ। অনেক কথাৰে মুখৰ গোটেইখন। মিটিৰ কুটুম্বৰ ল’ৰা-ছোৱালী, বাই ভণী বোৰ একেলগ হৈছে। সকলোৱে ফূৰ্টি কৰিছে। মাজতে তাইক জোকাইছেও। তাই লাজ কৰিছে। জীউমণৰো ভাল লাগিছে। কিন্তু ভাললগাবোৰ যে তাই উপভোগ কৰিব পৰা নাই।
গাঁথিয়ণ খুন্দাৰ আগত পানী তুলি আহি মাহ হালধীৰে নোওৱাবলৈ আহি মাকে কান্দোনত ভাগি পৰিছিল। তাইও মূক হৈ চকুলোৰ ধাৰ বোৱাই নিশ্চুপ হৈ আছিল। কি যে নিয়মবোৰ! তাইৰ খং উঠে। পৰম্পৰা বুলিয়েই নিয়মৰ ভৰ আটায়ে সহিব নোৱাৰে। তাই নাইপৰা। দুখ সমানেই লাগিব কিন্তু নিয়মবোৰ নোহোৱা হ’লে অলপ কমকৈ সহিব লাগিলে হেঁতেন।

তৰা বাৰ বিয়াত তাই দেখিছে নহয়, প্ৰতিটো নিয়ম যেন কান্দিবলৈহে কৰিছে। বৰমা আৰু ভণীয়েক মীৰাই তৰা বাক নোৱাওতে চিঞৰি চিঞৰি কান্দিছিল গাত ধৰাধৰিকৈ। বৰতাইয়ো বাৰান্দাৰ চকী এখনত বহি গামোছাৰে মুখ ঢাকি কন্দা দেখিছে। তাইয়ো সহিব নোৱাৰি কান্দি পেলাইছিল। বিয়াৰ অন্তত পুৱতি নিশা তৰা বাক উলিয়াই দিওঁতে বৰমাক কান্দি কান্দি অচেতন হৈ পৰিছিল। সেইদিনাই তাই ভাবিছিল তাই কেতিয়াও বিয়া নহয়। তাইৰ মাকো বৰমাকৰ দৰে অচেতন হ’ব। মাকৰ সামান্য কিবা গা অসুখ এটা হ’লেই তাই কান্দি পেলাই। কিমান যে ব্যস্ত হৈ পৰে মাকক সুস্থ কৰিবলৈ। তেনেস্থলত মাকক অচেতন অৱস্থাত এৰি তাই ঘৰখনৰ পৰা ওলাই যাব?? কেনেকৈ তাই ইমান নিষ্ঠুৰ হ’ব!

তথাপিও বহুত চিন্তা ভাৱনা আৰু বুজনিৰ অন্তত সংসাৰৰ নিয়ম মানি সাজু হৈছে বিয়াৰ বাবে তাই। মাক দেউতাকৰো সপোন তাইৰ বিয়াখনক লৈ। তাইয়ো সুখৰ সংসাৰ এখনেৰে সুখী হওক সেয়া তেওঁলোকৰ আশা। পুত্ৰৰ দৰে জোঁৱাই এটা পোৱাৰো হেঁপাহ।
বিয়াৰ পিছতো যে তাই মাক দেউতাকক অকলে এৰি নিদিয়ে। দুয়োখন ঘৰৰ সমানেই দ্বায়িত্ব ল’ব লাগিব। এই সকলোখিনি হ’ব লগা স্বামী অনুজৰ স’তে থানথিত খোৱাইহে বিয়াত সন্মতি দিছে তাই। অকলেই জীৱন পাৰ কৰিব পৰাকৈ তাই সাহসী যদিও কিছু ক্ষেত্ৰত বিবাহৰ প্ৰয়োজনীয়তাকো তাই একেবাৰে উলাই কৰিব নোৱাৰে। নিয়াৰিকৈ জীৱনৰ দ্বায়িত্ব সমূহ পালন কৰিবলৈকে শাৰীৰিক তথা মানসিকভাৱে সুশৃংখলিত সম্বন্ধ এটাৰ প্ৰয়োজনীয়তাক তাই আওকান কৰিব নুখুজিলে। আনহাতে অনুজকো তাই ভালকৈয়ে জানে। বন্ধুত্বৰে সমাহিত বুজা পৰা আগৰ পৰাই আছে দুয়োৰে। গতিকে অনুজৰ সৈতে অৱশেষত তাই বিয়াত বহিবলৈ মান্তি হ’ল।
আজি জীউমণৰ বিয়া। পুৱাতেই ভকতে ৰভাতলত বিয়াৰ নাম প্ৰসঙ্গ কৰিছে ।কাইলৈ ৰাতিপুৱা তাই গুচি যাব এইখন ঘৰ এৰি । তাইৰ জন্মৰ আপোন ঘৰখন এৰি। আহি থাকিলেও কথাবোৰ অলপ হ’লেও বেলেগ হ’ব। এইখিনি সময়ত তাইৰ মন গৈছে একান্ত মনে নিৰলে অলপ সময় ঘৰৰ প্ৰতিটো চুক কোণ চাই ল’বলৈ। ফুলনিলৈ গৈ তাইৰ পৰশতে ফুলি উঠা ফুলনিৰ প্ৰতিজোপা ফুলৰ সৈতে কথা পাতিবলৈ। মাক দেউতাকৰ সৈতে অলপ সহজ হাঁহি ধেমালিৰে সময় কটাবলৈ।
ভাৱত বিভোৰ হৈ থকা জীউমণক এটা সময়ত বৰমাকে তাইক কোঠাৰ পৰা লৈ গ’লহি নামৰ শেষত সেৱা ল’বলৈ।
তাৰ পিছত বাৰান্দাতে বহি থকা মাক দেউতাকৰ সন্মুখতে তাইক বহুৱাই তামোলৰ বঁটাটো দি ক’লে– “নাপায় নহয় আইজনী, আজি তোৰ জীৱনৰ আটাইতকৈ ডাঙৰ দিন। মাৰ দেউতাৰৰ আশীৰ্বাদ ল জীউ।”–থোকাথুকিকৈ কথাষাৰ কৈ তেওঁ চকুহাল আঁচলেৰে মচি ল’লে।
জীউমণ আৰু ৰৈ থাকিব নোৱাৰিলে। মাক দেউতাকক সাবটি ধৰি সশব্দে কান্দি পেলালে তাই।

✍️লক্ষীপ্ৰিয়া বৰা।
গোলাঘাট
ফোন- ৭০০২০৩৯৯০১