নিচাযুক্ত দ্ৰব্যৰ প্ৰতি যুৱ-প্ৰজন্মৰ আসক্তি আৰু ইয়াৰ প্ৰতিকাৰ – দ্বীপেন বৰুৱা

Pc-iStock

নিচাযুক্ত দ্ৰব্যৰ প্ৰতি যুৱ-প্ৰজন্মৰ আসক্তি আৰু ইয়াৰ প্ৰতিকাৰ

দ্বীপেন বৰুৱা

সাম্প্ৰতিক সময়ত নানান লোমহৰ্ষক ঘটনাৰ লগতে বিভিন্ন অসামাজিক কাৰ্যকলাপৰ মাত্ৰা ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে৷ বাতৰিকাকতৰ পৃষ্ঠা আৰু টিভিৰ পৰ্দা নিৰীক্ষণ কৰিলে সততে দেখিবলৈ পোৱা যায় যে চহৰে-নগৰে, গাঁৱে-ভূঞে যেন এশ-এবুৰি সমস্যা তথা অশান্তিয়ে ছানি ধৰিছে৷ চুৰি-ডকাইতি, হত্যা-লুণ্ঠন, বলাৎকাৰ, অপহৰণ, উগ্ৰবাদ, প্ৰৱঞ্চনা, দূৰ্ঘটনা আদিৰ বাহিৰেও নানা ৰোগ-ব্যাধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰিছে৷ বিয়া-সবাহ, ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান, বনভোজস্থলী আদিত সঘনে ঘটি থকা ঘটনাবোৰ সকলোৱে দেখি বা শুনি আহিছে। আনকি গাড়ী, মটৰ, ৰে’ল আদিৰ ভ্ৰমণো ভয় আৰু শংকাৰ পৰা সম্পূৰ্ণ মুক্ত নহয়। এনে অসামাজিক কাৰ্যবোৰ প্ৰতিহত কৰাৰ কাৰণে সামাজিক আৰু কঠোৰ আইনগত শাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ চুৰি-ডকাইতিকে ধৰি সমাজত যিমানবোৰ লোমহৰ্ষক ঘটনা, যান-বাহনৰ দুৰ্ঘটনা আৰু বিভিন্ন অসামাজিক কাৰ্যকলাপ সংঘটিত হৈছে, এনে ধৰণৰ অধিকাংশ ঘটনা নিচাযুক্ত দ্ৰব্যৰ নিয়ন্ত্ৰণ নোহোৱাটোৱেই একমাত্ৰ কাৰণ বুলিব পাৰি।

বৰ্তমান আমাৰ সমাজত বিশেষভাৱে যুৱ-প্ৰজন্মৰ মাজত নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তি দ্ৰুতগতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আশ্চৰ্যজনকভাৱে যুৱতীসকলৰ মাজতো নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তি দিনকদিনে বৃদ্ধি পাইছে৷ ই সমাজৰ বাবে এক ভয়াবহ সংকট বুলিব পাৰি। কিয়নো, যুৱশক্তি হৈছে সমাজ তথা দেশ গঢ়াৰ মূল ভেটিস্বৰূপ। এই ভেটি সুদৃঢ় নহ’লে সমাজত শান্তি আৰু প্ৰগতি সম্ভৱ নহয়। নিচাযুক্ত দ্ৰব্য সেৱন কেৱল এজন ব্যক্তিৰ ক্ষতিৰ বিষয় নহয়, এই ভয়াৱহ সমস্যা সমগ্ৰ সামাজিক ব্যৱস্থাটোৰ ব্যাধিস্বৰূপ হৈ পৰে৷ বিভিন্ন ধৰণৰ মানসিক স্বাস্থ্য সমস্যা নিচাযুক্ত দ্ৰব্যৰ দীৰ্ঘম্যাদী আৰু নিয়মীয়া ব্যৱহাৰ তথা অপব্যৱহাৰৰ সৈতে সম্পৰ্কিত৷ ইয়াৰ ভিতৰত আছে চাপ-সম্পৰ্কীয় সমস্যা, সমন্বয়ৰ সমস্যা, উদ্বেগ, হতাশা আৰু অত্যধিক ক্ষেত্ৰত মানসিক বিকাৰ৷ ইয়াৰ বাহিৰেও শৰীৰৰ বিভিন্ন স্থানত হোৱা কৰ্কট ৰোগকে ধৰি বহুতো দুৰাৰোগ্য ৰোগ নিচাযুক্ত দ্ৰব্য সেৱনৰ পৰিণতি বুলিব পাৰি। মনোৰঞ্জনমূলক ব্যৱহাৰ আৰু আমোদজনক কাৰ্যকলাপৰ পৰা যুৱক-যুৱতীসকল ক্ৰমান্বয়ে নিচাযুক্ত নিচাযুক্ত দ্ৰব্যৰ ওপৰত নিৰ্ভৰশীল হয়, যাৰ ফলত অৱশেষত তাৰ অপব্যৱহাৰ হয়।

নিচা প্ৰধানকৈ দুবিধ – এবিধ হৈছে দ্ৰব্য ব্যৱহাৰৰ নিচা য’ত ধঁপাত, আফিম, মদ, গাঞ্জা, ঔষধ আদি অন্তৰ্ভুক্ত আৰু আনবিধ হৈছে আচৰণৰ নিচা য’ত জুৱা, ইণ্টাৰনেট, মোবাইল, খাদ্য আৰু সম্পৰ্ক আদি অন্তৰ্ভুক্ত। নিচাযুক্ত বা ৰাগিয়াল দ্ৰব্যবোৰ সেৱনৰ ফলত ব্যক্তিগত জীৱনৰ লগতে শৰীৰিক, মানসিক ক্ষতি আৰু সামাজিক জীৱনত বহুতো বিশৃংখলতাই দেখা দিয়ে৷ কিন্তু এই নিচাযুক্ত দ্ৰব্যসমূহ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ পক্ষে কিমান ক্ষতিকাৰক তথা মধ্য বয়সত ই কিমান ধৰণৰ কঠিন ৰোগৰ সৃষ্টি কৰিব পাৰে, সেৱনকাৰীসকলে প্ৰথমতে এইটো উপলব্ধি কৰিব নোৱাৰে। দেখা যায় যে উৎপীড়নৰ বলি হোৱা ছাত্ৰ-ছাত্ৰীসকলে নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ কৰে আৰু অধিক বিচ্ছিন্ন হৈ পৰে৷ ই সূক্ষ্ম পৰিৱৰ্তনৰ সৈতে আৰম্ভ হ’ব পাৰে৷ কিন্তু সোনকালেই তেওঁলোকৰ সামাজিক, শৈক্ষিক আৰু ব্যক্তিগত জীৱনত এক পাৰ্থক্য আহি পৰে৷ তেওঁলোকে বিদ্যালয়লৈ যোৱা বন্ধ কৰা আৰম্ভ কৰিব পাৰে, শৈক্ষিক প্ৰদৰ্শনৰ অৱনতি হ’ব পাৰে, মিছা কোৱা আৰু বস্তু লুকুৱাবলৈ আৰম্ভ কৰিব পাৰে আৰু আন ধৰণৰ অনিয়মীয়া আচৰণ প্ৰদৰ্শন কৰিব পাৰে৷

সচৰাচৰ প্ৰচলিত নিচাযুক্ত দ্ৰব্যসমূহৰ ভিতৰত মদ এবিধ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক দ্ৰব্য। অকল শাৰীৰিকেই নহয়, মানসিক স্বাস্থ্যৰ বাবেও ই পৰিপন্থী। মদ পান কৰিলে সুস্থ মগজুৰ স্নায়ুতন্ত্ৰত ব্যাঘাত জন্মায় আৰু ইয়াৰ মাত্ৰা অধিক হ’লে বিবেক আৰু হিতাহিত জ্ঞানশূন্য হয়। এইবিধ দ্ৰব্য দীৰ্ঘদিন সেৱনৰ ফলত স্মৃতিশক্তি, দৃষ্টিশক্তি, ধাৰণাশক্তি ক্ষীণ হোৱাৰ উপৰিও হাওঁফাওঁ, হৃদযন্ত্ৰ, স্নায়ুদুৰ্বলতা আৰু ৰক্তচাপ বৃদ্ধি ৰোগৰ সৃষ্টি কৰে৷ পাকস্থলী, প্লিহা, যকৃত, অন্ত্ৰ আদিত হোৱা কৰ্কট ৰোগ আৰু যকৃতত হোৱা ‘লিভাৰ ছিৰ’ছিছ’ নামৰ কঠিন ৰোগ মদ পানৰ পৰা সৃষ্টি হোৱা বুলি চিকিৎসকসকলে প্ৰমাণ কৰিছে৷ অসমত পৰম্পৰাগতভাৱে ‘তামোল’ক সন্মানৰ চিন হিচাপে ধৰা হয় যদিও শৰীৰৰ কৰ্কট ৰোগ সৃষ্টিকাৰী উপাদান থকা বাবে ই আমাৰ স্বাস্থ্যৰ বাবে একেবাৰেই ভাল নহয়। বহুক্ষেত্ৰত যুৱক-যুৱতীসকল নিচাযুক্ত দ্ৰব্য সেৱনৰ প্ৰতি আকৰ্ষিত হোৱাৰ মূল প্ৰৱেশদ্বাৰ হিচাবে ‘তামোল’কেই গণ্য কৰা হয়৷

ছাত্ৰ-ছাত্ৰী তথা যুৱ-প্ৰজন্ম নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত হোৱাৰ বহুতো কাৰণ থাকিব পাৰে৷ ইয়াৰে বেছি সংখ্যকেই সংগ দোষত অথবা কৌতূহলৰ বশৱৰ্তী হৈ নিচাযুক্ত দ্ৰব্যসমূহ প্ৰথমে সেৱন কৰিবলৈ আৰম্ভ কৰে৷ অতি কম দিনৰ ভিতৰতে তেওঁলোক নিচাসক্ত হৈ পৰে আৰু ইয়াক এৰিব নোৱাৰা হয়৷ অসমত এই দ্ৰব্যসমূহ সহজে উপলব্ধ হোৱাৰ ফলত ৰাজ্যৰ একাংশ যুৱক-যুৱতী ইয়াৰ কৱলত অতি সোনকালে পৰিবলৈ লয়৷ পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যই যদি এনে ৰাগিয়াল দ্ৰব্য সেৱন কৰে, তেওঁলোকৰ পৰাও বহুত যুৱক-যুৱতী এইসমূহৰ কাষ চাপি আহে৷ কৈশোৰ অৱস্থাত সকলো ল’ৰা-ছোৱালীয়ে এক নতুনত্ব বিচাৰে য’ত তেওঁলোকে নতুন-নতুন বস্তু খাবলৈ চেষ্টা কৰি চাব বিচাৰে আৰু পৰিণামৰ প্ৰতি কোনো মনোযোগ দিব নিবিচাৰে৷ ইয়ো যুৱক-যুৱতীসকল নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আকৰ্ষিত হোৱাৰ অন্যতম কাৰণ হ’ব পাৰে৷ এই সময়ছোৱাত সামাজিক মাধ্যমৰ দ্বাৰাও তেওঁলোক যথেষ্ট প্ৰভাৱান্বিত হয়৷ তেওঁলোকে বিজ্ঞাপন আদিত দেখিবলৈ পোৱা উচ্চাকাংক্ষী চেলিব্ৰেটিৰ দৰে থাকিবলৈ ইচ্ছা কৰে৷ হতাশা আৰু মানসিক হেঁচাত পৰিও বহু যুৱক-যুৱতী নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আকৰ্ষিত হোৱা দেখা যায়৷

এতিয়া প্ৰশ্ন হ’ল – যুৱ-প্ৰজন্মৰ মাজত গঢ় লৈ উঠা এই নিচাসক্তি কেনেদৰে প্ৰতিকাৰ কৰিব পৰা যায়৷ এখন নিচামুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত পিতৃ-মাতৃ, অভিভাৱক আৰু শিক্ষাগুৰুসকলৰ সমান্তৰালভাৱে সমাজৰ প্ৰতিজন নাগৰিক সজাগ হ’ব লাগিব আৰু দৃষ্টি নিক্ষেপ কৰিব লাগিব৷ নিচাযুক্ত দ্ৰব্যসমূহৰ কু-প্ৰভাৱ তথা ভয়াৱহতাৰ বিষয়ে নিজে সজাগ হোৱাৰ লগতে উঠি অহা প্ৰজন্মক এইসমূহৰ কবলৰ পৰা মুক্ত কৰি ৰখাত প্ৰতিগৰাকী সচেতন লোকে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিবই লাগিব৷ তেওঁলোকৰ বাবে অধিক সজাগতা আৰু যোগাযোগৰ মাধ্যম মুকলি কৰিব লাগিব৷ অভিভাৱক, জ্যেষ্ঠ তথা শিক্ষকসকলে তেওঁলোকৰ সৈতে নিচাযুক্ত দ্ৰব্যৰ কু-প্ৰভাৱৰ বিষয়ে মুকলিকৈ বাৰ্তালাপ কৰিব লাগে, তেওঁলোকক প্ৰকৃত তথ্য দিব লাগে আৰু আনকি তাৰ সীমাৰ বিষয়েও কথা পাতিব লাগে৷ যদি তেওঁলোকক নিজৰ ভৰিত থিয় হোৱাৰ বিষয়ে শক্তিশালী অনুভৱ কৰোৱা হয় আৰু ভাল-বেয়াবোৰৰ বিষয়ে ভালদৰে বুজি পোৱা হয়, তেন্তে তেওঁলোকৰ চাপৰ সন্মুখীন হোৱাৰ সম্ভাৱনা কম হ’ব৷ বৈজ্ঞানিক গৱেষণাৰপৰা জানিব পৰা গৈছে যে মগজুত ড’পামিন নামৰ পদাৰ্থৰ অভাৱৰ বাবে মানুহ নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্ত হৈ পৰে৷ নিয়মিত যোগাসনে মগজুত ড’পামিন উৎপন্ন কৰে যিয়ে মন নিয়ন্ত্ৰণ কৰে আৰু মনোবল বৃদ্ধি কৰে। এনেদৰে ব্যক্তিজন নিচাৰ পৰা মুক্ত হ’ব পাৰে। তদুপৰি নিচাসক্ত ব্যক্তিসকলৰ বাবে সুপৰামৰ্শ বা উপদেশৰ (Counselling) অত্যন্ত প্ৰয়োজন।

কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰেও আমাৰ সমাজখনক নিচামুক্ত কৰি ৰাখিবলৈ কেতবোৰ ব্যৱস্থা হাতত লৈছে৷ ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰ্যালয়ে আৰম্ভ কৰা নিচামুক্ত ভাৰত অভিযান(Nasha Mukt Bharat Abhiyaan) এইক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ৷ নিচাসক্ত হৈ সৰ্বস্ব হেৰুওৱাৰ আগতেই জনসাধাৰণক বিশেষকৈ যুৱক-যুৱতীসকলক এই বিষয়ে সজাগ কৰিব পাৰিলে এই অভিযান সফল হ’ব৷ ২০২০ চনৰ ১৫ আগষ্টত এই মন্ত্ৰ্যালয়ে “নিচামুক্তি ভাৰত অভিযান”ৰ শুভাৰম্ভ কৰে৷ প্ৰথমাৱস্থাত গৃহ মন্ত্ৰ্যালয়ৰ অধীনত থকা নাৰ্কটিকছ ক’ণ্ট্ৰ’ল ব্যুৰ’ৰ তথ্য অনুসৰি মন্ত্ৰ্যালয়ে অসুৰক্ষিতৰূপে চিনাক্ত কৰা দেশৰ ৩২খন ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ২৭২খন জিলাত এই অভিযান পৰিচালিত কৰা হৈছিল যদিও বৰ্তমান দেশৰ প্ৰতিখন জিলাতেই এই অভিযান ৰূপায়ন কৰা হৈছে৷ অসমতো এই অভিযানৰ সফল ৰূপায়নৰ বাবে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগে পদক্ষেপ লৈছে৷ এই অভিযানৰ মূল লক্ষ্য হৈছে – বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ জৰিয়তে জনসাধাৰণৰ কাষ চপা আৰু নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ বিষয়ে সজাগতা বিয়পাই দিয়া৷ ইয়াৰ অধীনত উচ্চ শিক্ষানুষ্ঠান, বিশ্ববিদ্যালয় চৌহদ আৰু বিদ্যালয়সমূহৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে৷ তদুপৰি, নিচাসক্ত ব্যক্তিসকলক চিনাক্তকৰণ কৰি উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়৷ নিৰ্দিষ্ট চিকিৎসালয় আৰু নিচামুক্তি কেন্দ্ৰসমূহত পৰামৰ্শ আৰু চিকিৎসাৰ সুবিধাসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে এই অভিযানৰ জৰিয়তে সেৱা প্ৰদানকাৰীসকলৰ বাবে দক্ষতা বিকাশৰ কাৰ্যসূচীও ৰূপায়ন কৰা হয়৷

অৱশ্যে কেৱল আঁচনি ৰূপায়ন বা বলবৎ কৰিয়েই বৰ্তমান যুৱ-সমাজক নিচাযুক্ত দ্ৰব্যৰ কৰাল গ্ৰাসৰপৰা উদ্ধাৰ কৰিব পৰা নাযায়৷ আঁচনিসমূহৰ সঠিক কাৰ্যকৰীকৰণৰ ওপৰতো চৰকাৰে গুৰুত্ব আৰোপ কৰিব লাগিব৷ প্ৰতিখন জিলাৰ স্পৰ্শকাতৰ অঞ্চলসমূহ চিনাক্ত কৰি সেই অঞ্চলসমূহত প্ৰশাসনৰ সহযোগত নিৰ্দিষ্ট বিভাগসমূহে বিশেষ সজাগতামূলক কাৰ্যসূচী হাতত ল’ব পাৰে৷ ইয়াৰ সমান্তৰালকৈ নিচাজাতীয় দ্ৰব্যৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলেহে নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’ব পাৰিব৷ কাৰণ এই দুয়োটা বিষয় হৈছে একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি৷ নিচাসক্ত যুবক-যুৱতীসকলক সঠিক পথলৈ আনিবলৈ বেচৰকাৰী সংগঠনবোৰৰো বহু কৰণীয় থাকে৷ নিৰ্দিষ্ট দিনৰ মূৰে-মূৰে তেওঁলোকৰ লগত কথা পাতি সুপৰামৰ্শ বা উপদেশৰ দ্বাৰা নিচাসক্তি আঁতৰাবলৈ প্ৰচেষ্টা হাতত ল’ব লাগিব৷ চৰকাৰৰ বিভিন্ন বিভাগে সমন্বিতভাৱে ইয়াৰ বিৰুদ্ধে যুঁজ দি যাব লাগিব আৰু এইক্ষেত্ৰত স্কুলীয়া অৱস্থাৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলক ইয়াৰ কু-প্ৰভাৱৰ বিৰুদ্ধে সজাগ কৰি তুলিব লাগিব৷ বিদ্যালয়ৰ পাঠ্যক্ৰমতো নিচাজাতীয় দ্ৰব্যৰ অপকাৰিতা সন্দৰ্ভত সজাগতামূলক পাঠ অন্তৰ্ভুক্তিৰ কথা চৰকাৰে বিবেচনা কৰা উচিত ৷

নিচামুক্ত সমাজ গঢ়িবলৈ হ’লে নিচাসক্তসকলৰ কথাও চিন্তা কৰিব লাগিব৷ যিসকল ইতিমধ্যে ইয়াৰ কবলত পৰি সৰ্বশ্ৰান্ত হৈছে, সেইসকলক শুদ্ধ পথলৈ অনাৰ কথাটো চিন্তা কৰাৰ সময় আহি পৰিছে৷ নিচামুক্তি কেন্দ্ৰৰ সংখ্যা বৃদ্ধি হোৱাটো গৌৰৱৰ বিষয় নহয় যদিও এই সমস্যাৰ অন্ত নপৰালৈকে চৰকাৰী ব্যৱস্থাত অন্তত প্ৰতিখন জিলাত অভিজ্ঞ লোকক লৈ দুই-এটা নিচামুক্তি কেন্দ্ৰ স্থাপনৰ কথাও ভাবিব পাৰে৷ বহুতো বেচৰকাৰী সংস্থাই ৰাজ্যত নিচামুক্তি কেন্দ্ৰ খুলি চলাই আছে যদিও পূৰ্বতে নিচাসক্তসকলেই ইয়াৰ সতে জড়িত হৈ আছে৷ তেওলোকৰ অধিকাংশৰেই কোনো বিজ্ঞানসন্মত অধ্যয়ন নাই৷ নিজৰ জ্ঞানেৰেই এই নিচামুক্তি কেন্দ্ৰবোৰ চলাই গৈছে৷ গতিকে চৰকাৰে এই কেন্দ্ৰসমূহ ভালদৰে পৰ্যবেক্ষণ কৰি তেওঁলোকৰ দক্ষতা বিকাশৰ উপযুক্ত ব্যৱস্থা লোৱাৰ সময় আহি পৰিছে৷ তেতিয়াহে এখন নিচামুক্ত সমাজৰ সপোন দিঠকত পৰিণত হ’ব৷

(চৰাইদেউ জিলা চিকিৎসালয়ৰ মানসিক ৰোগ বিভাগৰ কৰ্মচাৰী চিন্ময় গগৈলৈ বিশেষ কৃতজ্ঞতা৷)