নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰক্ষী অভিযন্তা পূৰ্ব নিযুক্তিৰ প্ৰশিক্ষণ কেন্দ্ৰ শুভাৰম্ভণি 

নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰক্ষী অভিযন্তা পূৰ্ব নিযুক্তিৰ প্ৰশিক্ষণ কেন্দ্ৰ শুভাৰম্ভণি 

অমৰজিৎ ৰাভা,ওদালগুৰি, বাৰ্ত্তাসেৱা- দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তপেলাই অন্তিমখন ইতিহাসীক বড়ো শান্তি চুক্তি বিটিআৰ চুক্তি, বিটিআৰ চুক্তিৰ দফাত উল্লেখিত এটা দফা , বিটিআৰৰ নিবনুৱা সমস্যা সমাধানৰ বাবে ৫০০০ বড়ো যুৱক-যুৱতিক পুলিচ পেৰামিলিটেৰিত নিযুক্তি দিব লাগিব। ফলস্বৰূপে বিটিআৰৰ প্ৰতিখন জিলাৰ প্ৰতিটো মহকুমাত আৰক্ষী অভিযন্তা পূৰ্ব নিযুক্তি প্ৰশিক্ষণৰ কেন্দ্ৰ স্থাপন কৰা হৈছে। সেই মৰ্মে আজি ওদালগুৰি জিলাৰ ভেৰগাঁ‌ও মহকুমাৰ অন্তৰ্গত বড়ো শিক্ষিত যুৱক -যুৱতি সকলক পুলিচ মিলিটেৰি নিযুক্তিৰ পূৰ্বে প্ৰশিক্ষন দিয়াৰ উদ্দেশ্যৰে। নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ভেৰগাঁ‌ও জিলা ইউ পি পিএল তথা প্ৰাক্তণ NDFB ৰ সহযোগত। পুলিচ, পেৰামিলিটেৰি প্ৰী ৰিকুইটমেন বা আৰক্ষী অভিযন্তা পূৰ্ব নিযুক্তিৰ প্ৰশিক্ষণ কেন্দ্ৰ শুভাৰম্ভণী কৰে।ওদালগুৰি জিলা বড়ো ছাত্ৰ সন্থা চমুকৈ (ABSU)ৰ উপসভাপতি ৰবিন্দ্ৰ বড়োয়ে সঞ্চালনা কৰা সভাখনত উপস্থিত থাকে ক্ৰমে। বিটিআৰ কাৰ্যবাহী সদস্য দাওবাইছা বড়ো, ‘ভেৰগাও মহকুমাধিপতি দিপক ভূঞা, খালিং দুৱাৰ পৰিষদীয় সমষ্টিৰ এমচিএলএ দিলিপকুমাৰ বড়ো, চামৰাং SSB কেম্বৰ ইন্সপেক্টৰ চচী শৰ্মাসহ উপস্থিত এবছুৰ কাৰ্যকৰ্তা উপস্থিত থকা অনুষ্ঠানত ভেৰগাও মহকুমা অন্তৰ্গত বড়ো যুৱক -যুৱতি সকলক পুলিচ পেৰামিলিটেৰিত নিযুক্তি সম্পৰ্কত উৎসাহ আৰু অনুপ্ৰেৰণা যগোৱাৰ লগতে বিটিআৰ চুক্তিৰ উল্লিখিত দফা ৰূপায়ণৰ ফলত বড়ো সকলৰ লগতে বিটিআৰত কিছুপৰিমাণে নিবনুৱা সমস্যাৰ সমাধান হ’ব বুলি আশা প্ৰকাশ কৰে।