অনলাইন বাৰ্ত্তাসেৱা – বৰ্তমান সময়ত বহুেতা নিউজ পোৰ্টেল গঢ় লৈ উঠিছে আৰু যধে-মধে গঢ় লৈ উঠা এই পোৰ্টেলসমূ্হক নাকী লগাবলৈ বিভিন্ন পন্থা হাতত ল’ব চৰকাৰে। জনসংযোগ মন্ত্ৰী পিযুষ হাজৰিকাই আজি এই কথা সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰি কয় যে কাঠফুলাৰ দৰে গঢ় লৈ উঠা নিউজ পোৰ্টেলসমূহক নাকী লগাব লাগিব।মন্ত্ৰীজনে এই বুলি উল্লেখ কৰি লগতে কয় যে নিউড পোৰ্টেল এটা খুলিব পৰা যাব যদিহে ই চৰকাৰে বান্ধি দিয়া নীতি-নিৰ্দেশনাসমূহ মানি চলে। অন্যথা এই পোৰ্টেল সমূহৰ কাৰণে কঠোৰ হ’ব চৰকাৰ।
নিউজ পোৰ্টেল সমূহৰ ক্ষেত্ৰত কঠোৰ হ’ব চৰকাৰ
