নাৰী দিৱসতে গৰাকী নাৰীৰ সন্মান নে নমিতা দাস

নাৰী দিৱসতে গৰাকী নাৰীৰ সন্মান নে

নমিতা দাস,শুৱালকুছি, শান্তিতোল

মোৰ শ্ৰদ্ধা আৰু মৰমৰ প্ৰতিগৰাকী সতীৰ্থ লৈ পুৱতি সম্ভাষণ জনাই আজি আন্তৰ্জাতিক নাৰী দিৱসৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি মোৰ ক্ষুদ্ৰ অনুভৱ এটি ব্যক্ত কৰিলোঁ , “আগতে মই ভয় খাইছিলোঁ যে মানুহে মোক ক’ত বুলি ভাৱিব , “তেওঁ নিজৰ কথা কিয় কয় ,? কিন্তু এতিয়া মোৰ সাহস হৈছে ক’বলৈ, – এইটো মই” “অপ্ৰাহ ৱিনফ্ৰীৰ” এই উদ্ধৃতিটোৱে মহিলা সকলৰ জীৱনৰ সপোন দেখা আৰু মৌলিক অধিকাৰ বোৰ প্ৰতিফলিত কৰা অগ্ৰণী ভূমিকা গ্ৰহণ কৰে । ভাৰতীয় সংবিধানত যদিও নাৰী সকলক সমমৰ্যদা দিয়া হৈছে সামাজিক ভাবে এতিয়াও নাৰী সকলক লৈ চিন্তা চৰ্চা বহু নিম্ন গামি হৈয়ে আছে ।

৮ মাৰ্চ সমগ্ৰ দেশতে নাৰী দিৱস হিচাপে পালন কৰা হয়। নাৰী সকলৰ সন্মান বা সামাজিক ৰাজনৈতিক মৰ্য্যদাৰ বাবে এই দিৱস পালন কৰি অহা হৈছে কথা হ’ল বছৰৰ মুৰত এদিন নাৰী সকলক সন্মান কৰা বা নাৰী দিৱস পালন কৰিলেই সমস্ত নাৰীক সমমৰ্য্যদা দিয়া বা সন্মান কৰা নুবুজাই এতিয়াও বহু নাৰী ধৰ্ষিতা, লাঞ্চিতা , অবহেলীতা, নাৰী ভ্ৰুণ হত্যা কৰাকে ধৰি পদে পদে নাৰী অসুৰক্ষিত হৈ আহিছে । বৰ্তমান যদিও আমি মুখেৰে নাৰী-পুৰুষৰ সম অধিকাৰৰ কথা কৈ আহিছো কাৰ্যক্ষেত্ৰত এতিয়াও নাৰী-পুৰুষক সম অধিকাৰ দিয়া হোৱা নাই । সাধাৰণ ভাবে চাবলৈ গ’লে সকলোৱে নহয় বেছি ভাগ ঘৰতে লৰা-ছোৱালী দুজনৰ মাজত লৰাটোক সকলো ক্ষেত্ৰতে বেছিকৈ অগ্ৰাধিকাৰ দিয়া পৰিলক্ষিত হয়।ছোৱালী গৰাকীয়ে নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ বহু কষ্ট স্বীকাৰ কৰাৰ লগতে পৰিয়ালৰ ওচৰতো যোগ্যতাৰ প্ৰমাণ দিব লগিয়া হয়।

নাৰী পুৰুষ এটা মুদ্ৰাৰ ইপিঠি- সিপিঠি ।পৃথিৱী বৰ্তি থাকিবলৈ হ’লে পুৰুষ আৰু নাৰীৰ সমানে প্ৰয়োজনীতা আমি নুই কৰিব নোৱাৰো । সৃষ্টিশীল সমাজ খনত নাৰী গৰাকীৰ ভূমিকা যথেষ্ট । এগৰাকী নাৰী হৈছে ঘৰ খনৰ দাপোন স্বৰূপ । গছপুলি এটা যেনেকৈ লালন পালন কৰাৰ পিছত বৃদ্ধি হ’লে ফলে ফুলে জাতিষ্কাৰ হৈ পৰে তেনেকৈ এগৰাকী মাতৃৰ লালন পালনে এটি সন্তান সঠিক ৰূপে শাৰীৰিক, মানসিক আৰু সামাজিক ভবিষ্যত সু নাগৰিক হিচাপে গঢ় দিয়াত নাৰী এগৰাকীৰ অতুলনীয় ভুমিকা আছে ।

নাৰী সকলক নিজৰ সুৰক্ষাৰ লগতে স্বাবলম্বী কৰি গঢ়িবলৈ অৰ্থৰ প্ৰয়োজন সাধাৰনতে আমাৰ নাৰী সকলৰ নামত সা – সম্পত্তি দিয়া নহয় বা পৈত্ৰিক সম্পত্তি পৰম্পৰাগত ভাবে পুৰুষ সন্তান সকলে গ্ৰহণ কৰাত নাৰী সকলৰ স্বাবলম্বী কৰণত নিজে উপাৰ্জন কৰিবলৈ যথেষ্ট কষ্ট সহ্য কৰিব লগিয়া হৈছে ।সামাজৰ কিছুমান প্ৰচলিত মানসিকতাৰ বাবে উদ্যোগ আৰু সংসাৰ একেলগে চলাবলৈ মহিলা সকলে যথেষ্ট কষ্ট কৰিব লগীয়া হয় ।মহিলা সকলে নেতৃত্ব লৈ উদ্যেগী কৰণেৰে আগুবাই গ’লে সামাজিক কিছুমান নীতি ভংগ হ’ব তেতিয়া উদ্যমী মহিলা সকলৰ দ্ধাৰা আন মহিলা সকলক সংস্থাপন গ্ৰহণে সামাজ আৰু ঘৰ খনক পোহৰাই তুলিব ।