নামৰূপত ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক শ্বেতাঙ্গ মিশ্রৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ প্ৰতিবাদ

P.c.- Facebook

নামৰূপত ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক শ্বেতাঙ্গ মিশ্রৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ দুটা ফৈদৰ মাজত হোৱা সংঘাতৰ পিছত ডিব্ৰুগড় আৰক্ষীয়ে ছাত্ৰ সন্থাৰ কৰ্মীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ প্ৰতিবাদত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই নামৰূপৰ সোনাৰী তিনিআলিত ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক শ্বেতাঙ্গ মিশ্র আৰু উপ আৰক্ষী অধীক্ষক আদিত্য জীৱন বৰুৱাৰ বিৰুদ্ধে ২ ঘন্টাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে বৰ্বৰ ভাবে আছু কৰ্মীক অত্যাচাৰ কৰা , জোতাৰ গছকি শ্বহীদ বেদিক অপমান কৰা প্ৰতিবাদৰ লগতে প্ৰতিজন আছু কৰ্মীক বিনাচৰ্তে মুকলি কৰি দিয়া আৰু ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক শ্বেতাঙ্গ মিশ্র আৰু উপ আৰক্ষী অধীক্ষক আদিত্য জীৱন বৰুৱাৰ ওপৰত চৰকাৰে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী আছু কৰ্মী সকলে শ্বেতাঙ্গ মিশ্র গ বেক,আদিত্য জীৱন বৰুৱা হায় হায়, অতুল বৰা লেই লেই চেই চেই আদি ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলাৰ লগতে আছু কৰ্মীক মুকলি কৰি নিদিয়া পৰ্যন্ত ছাত্ৰ সন্থাই প্ৰতিবাদ কৰি যাব বুলি হুংকাৰ প্ৰদান কৰে ।আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত জিলা ছাত্ৰ সন্থাৰ নেতৃত্বৰ লগতে নামৰূপ আঞ্চলিক ছাত্ৰৰ সন্থাৰ নেতৃত্ব উপস্থিত থাকে ।