নাট্যকাৰ,পৰিচালক সমৰেন্দ্ৰ বৰ্মন অসুস্থ

নাট্যকাৰ,পৰিচালক সমৰেন্দ্ৰ বৰ্মন অসুস্থ

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশিষ্ট কবি, সাহিত্যিক, নাট্যকাৰ, পৰিচালক সমৰেন্দ্ৰ বৰ্মন বৰ্তমান গুৱাহাটীৰ খানাপাৰাস্থিত মেট্ৰ’ হাস্পতালত ভৰ্তি হৈ আছে। এক বিশেষ হৃদজনিত ৰোগত আক্ৰান্ত হৈ তেওঁ এতিয়া ICU ত চিকিৎসাধীন অৱস্থাত আছে।গোটেই জীৱনটো নাটকৰ নামত উৎসৰ্গা কৰাৰ পাছত আজি তেওঁক মানৱ দৰদী সকলোৰে সহায়ৰ প্ৰয়োজন৷ তেওঁৰ সু স্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰি দ্ৰুত আৰোগ্য কামনা কৰিছে সাংস্কৃতিক ৰাইজে৷