নাজিৰা মহাবিদ্যালয়ত ” “ড°বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাসত অস্তিত্বৰ চেতনা আৰু অভিধা নিৰ্মাণ” শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন 

নাজিৰা মহাবিদ্যালয়ত ” “ড°বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাসত অস্তিত্বৰ চেতনা আৰু অভিধা নিৰ্মাণ” শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন 
যদুমণি হাজৰিকা , নাজিৰা , ৰঙিলী বাৰ্ত্তাসেৱা- “ড°বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাসত অস্তিত্বৰ চেতনা আৰু অভিধা নিৰ্মাণ” শীৰ্ষক এক চিত্তাৰ্ষক বক্তৃতানুষ্ঠান নাজিৰা কলেজৰ প্ৰেক্ষাগৃহত ১ নৱেম্বৰত অনুষ্ঠিত হয় । কাৰ্য্যসূচী অনুসৰি পুৱা ১০-৪৫ বজাত নাজিৰা কলেজৰ উপাধ্যক্ষ যুগল ভঁৰালীয়ে ড°বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ প্ৰতিচ্ছবিৰ সমুখত বন্তি জ্বলাই স্মৃতি তৰ্পণ কৰে । নাজিৰা শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰী সকলে জ্ঞানপীঠ বঁটা বিজয়ী লেখক জনৰ দ্বাৰা ৰচিত “আমি বহুৱাম জনতাৰ দৰবাৰ, আমি বহুৱাম জনতাৰ চৰকাৰ..” শীৰ্ষ  বৃন্দগীতৰ পৰিৱেশন কৰি বিশিষ্ট লেখক জনৰ চিন্তাৰ গৰিমাক ধ্বনিত কৰি যায় । নাজিৰা কলেজৰ অধ্যক্ষ ড° ৰাজু ফুকনে উদ্বোধনী ভাষণেৰে বাট কাটি দিয়া মুখ্য বিষয়ৰ ওপৰত আলোচনা আগবঢ়াই প্ৰায় এঘণ্টা জোৰা বক্তৃতা দাঙি ধৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড° লক্ষীপ্ৰিয়া গগৈয়ে । মানুহৰ চেতনাৰ মাজত ভূমুকি মাৰি ৰোৱা জাতিগত পৰিচয়, শ্ৰেণী, পোচাক পৰিচ্ছদ, লিঙ্গভেদৰ চিনাকি গা-কৰি উঠাৰ লগতে সাহিত্যত প্ৰকাশ ঘটি আহিছিল ইউৰোপীয় শ্বেতাংগ পুৰুষতান্ত্ৰিকতাৰ পৰিচয়ো । এই চিন্তাৰ পৰৱৰ্ত্তী সময়ত ঔদ্যোগীকৰণ, নাৰীমূক্তি আন্দোলনৰ বিকাশৰ ধাৰাত জাগৰণ ঘটিবলৈ আৰম্ভ কৰে  ১৮ শতিকাৰপৰা ।  বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ দিলীপ ফুকনৰ সঞ্চালনাত অনুষ্ঠিত বক্তৃতানুষ্ঠানত সাহিত্যক জাতিৰ দাপোন স্বৰূপ বুলি গ্ৰহণ কৰাতকৈ সাহিত্য সমাজৰ এক পথ প্ৰদৰ্শক চাকি আৰু নিস্ক্ৰিয়তাৰ বিপৰীতে সক্ৰিয় ৰূপত গ্ৰহণ কৰিবলৈ এমএইচ আব্ৰামচৰ দৰে প্ৰাচ্যতত্ববিদে উল্লেখ কৰাৰ দৰেই অসমীয়া সাহিত্যই সমাজক পৰিৱৰ্ত্তন সাধিব পৰাকৈ ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাসে এক বাট মোকলাই তুলিলে বুলি উল্লেখ কৰে অধ্যাপিকা গৰাকীয়ে।  সাহিত্যিক গৰাকীৰ “মৃত্যুঞ্জয়” উপন্যাসৰ পৰা ১৯ ৮৩ৰ নিৰ্বাচনৰ সময়ৰ “বলীয়া সময়” উপন্যাসক পৰিপূৰক বা “ছিকুৱেল” হিচাপে চেতনাৰ উজ্জীৱিত এক পৰিপূৰ্ণ ৰূপ বুলি উল্লেখ কৰে  অধ্যাপিকা ড° লক্ষীপ্ৰিয়া গগৈয়ে । “ইয়াৰুঈঙ্গম”  “মৃত্যুঞ্জয়”, “বলীয়া সময়”ৰ চৰিত্ৰৰ বলিষ্ঠ উপমা দাঙি ধৰি বিশিষ্ট অধ্যাপিকা গৰাকীয়ে জাতীয় অস্তিত্বৰ লগতে উপন্যাস সমূহত মানৱতাবাদী আদৰ্শৰ প্ৰতিফলন ঘটি ৰোৱা বুলি উল্লেখ কৰে ।  তেনেদৰে “ইয়াৰুঈঙ্গম” ৰ পৰিপূৰক চেতনা “প্ৰেম আৰু মৃত্যু” উপন্যাসত প্ৰতিফলিত হোৱা বুলিও উল্লেখ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক এই সমূহ উপন্যাসৰ ওচৰ-চাপি অধ্যয়নৰ বাবে আহ্বান জনায় অধ্যাপিকা ড° গগৈয়ে ।  কাৰ্য্যসূচীত উদযাপন সমিতিৰ সভাপতি যুগ গগৈয়ে আদৰণী ভাষণ আগবঢ়ায় । অধ্যাপিকা ড° উষা গগৈৰ দ্বাৰা ড° নগেন শইকীয়া ৰচিত সোঁৱৰণী  “মিতভাষ” আবৃতি কৰে । গড়গাঁও কলেজৰ ছাত্ৰী অনিন্দিতা বৰুৱাই ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ গীত পৰিৱেশন কৰে। কবি সমালোচক ৰাজীৱ বৰা, লেখক সংগঠক ড. জীৱন কলিতা প্ৰমুখ্যে নাজিৰা কলেজৰ অধ্যাপক অধ্যাপিকা সকলৰ লগতে গোপাল বৰুৱা, অপৰাজিতা গগৈ দাস, অজিত খাটনিয়াৰ, নিজৰা সন্দিকৈ, অৰুণা চেতিয়া খাটনিয়াৰ, তৰুণ চন্দ্ৰ নাথ, জনম খনিকৰ আদি বিশিষ্ট ব্যক্তি সকল কাৰ্য্যসূচীত উপস্থিত থাকে । মুখ্য সম্পাদক জিতেন ফুকনে আঁত ধৰা অনুষ্ঠানৰ শেহত নাজিৰা কলেজৰ অধ্যাপিকা কবিতা কোঁচে শলাগৰ শৰাই আগবঢ়ায । সভাৰ শেষত জাতীয় সঙ্গীত পৰিৱেশন কৰা হয় ।