নাজিৰাৰ লোণপুৰীয়াত জল জীৱন আচঁনিৰ অধীনত পানী যোগান প্ৰকল্প মুকলি মন্ত্রী যোগেন মহনৰ

নাজিৰাৰ লোণপুৰীয়াত জল জীৱন আচঁনিৰ অধীনত পানী যোগান প্ৰকল্প মুকলি মন্ত্রী যোগেন মহনৰ
যদুমণি হাজৰিকা, নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা-  চৰকাৰে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে প্ৰান্তে প্ৰান্তে নিৰ্মাণ কাৰ্য অব্যাহত ৰখা জল জীৱন আচঁনিৰ অধীনত নাজিৰা মহকুমাটো ইতিমধ্যে ভালেকেইটা প্ৰকল্প সম্পন্ন হৈছে । নাজিৰা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ অধীনস্থ মাহমৰাৰ লোণপুৰীয়া গাৱঁত জল জীৱন আচঁনিৰ প্ৰকল্পটি কালি বিয়লি শুভ উদ্বোধন কৰে অসম চৰকাৰ ৰাজহ আৰু দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডলৰ অৱসৰপ্ৰাপ্ত কাৰ্যাবাহী বিষয়া ৰাজীৱ কুমাৰ বৰপূঁজাৰীয়ে আঁতধৰা এক গাম্ভিৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰকল্পটি উদ্বোধন কৰি মন্ত্রী যোগেন মহনে ২০২৪ চনৰ ভিতৰত সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণৰ ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী ভোগ কৰিবৰ বাবে নৰেন্দ্ৰ মোডী নেৰ্তৃত্বাধীন চৰকাৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ লগতে লোণপুৰীয়া জল জীৱন আচঁনিৰ প্ৰকল্পটোৰ পৰা অঞ্চলটোৰ প্ৰায় ২২১ ঘৰ পৰিয়াল উপকৃত হ’ব ব্যক্ত কৰাৰ লগতে আঁচনিখন কাৰ্যক্ষম কৰি ৰখাৰ ক্ষেত্ৰত পানী কমিটীৰ সৈতে ৰাইজে সহযোগিতা আগবঢ়াই যাবৰ বাবে আহ্বান জনায় । নাজিৰা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ জন জীৱন আচঁনিৰ কাৰ্যবাহী বিষয়া আশীষ মহন , অভিযন্তা প্ৰণৱ দত্তকে ধৰি ভালেকেইজন বিষয়া আৰু স্থানীয় গণ্যমান্য ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে ।