নাজিৰাৰ চূণপোৰাত বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ 

নাজিৰাৰ চূণপোৰাত বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ 

যদুমণি হাজৰিকা, নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা- নাজিৰাৰ দিখৌ নদীৰ পাৰত চূণপোৰা অঞ্চলত স্থানীয় ৰাইজে এজনী বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ কৰে । লগে লগে ৰাইজে শিমলুগুৰি আৰক্ষী থানাৰ আৰক্ষীক খবৰ দিয়ে। খবৰ পাই শিমলুগুৰি আৰক্ষীৰ থানাৰ আৰক্ষীৰ সহযোগত কাছজনী বিহুবৰৰ বনবিভাগে উদ্ধাৰ কৰি থানালৈ লৈ আনে।বিহুবৰৰ বনবিভাগে বিৰল প্ৰজাতিৰ কাছজনী নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতিৰ সাক্ষাৎত নাজিৰাৰ ঐতিহাসিক বৰবৰুৱা পুখুৰীত মেলি দিয়ে । কাছজনীৰ ওজন প্ৰায় ১৮-২০ কেজি আৰু বয়স১৫ বছৰ বুলি বন বিভাগৰ পৰা জানিব দিয়ে।