নাগালেণ্ডৰ পৰা সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইন (আফস্পা) প্রত্যাহাৰৰ ইংগিত কেন্দ্রীয় চৰকাৰৰ

Pc NortheastNow

নাগালেণ্ডৰ পৰা সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইন (আফস্পা) প্রত্যাহাৰৰ ইংগিত কেন্দ্রীয় চৰকাৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্রীয় চৰকাৰে নাগালেণ্ডৰ পৰা সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইন (আফস্পা) প্রত্যাহাৰৰ ইংগিত দিছে। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে বিতর্কিত এই আইন প্রত্যাহাৰৰ উদ্দেশ্যে পর্যালোচনা কমিটী গঠন কৰিব বুলি ঘোষণা কৰিছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে হোৱা বৈঠকৰ সময়ত নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফিউ ৰিঅ’ক এই কথা জনাই দিয়া হৈছে। সংবাদ মাধ্যমৰ সন্মুখত  মুখ্যমন্ত্ৰীগৰাকীয়ে এই তথ্য সদৰী কৰে। নাগালেণ্ডত সেনাৰ নিৰ্বিচাৰ গুলীচালনাৰ শেহতীয়া ঘটনাৰ পাছতে সমগ্ৰ উত্তৰ-পূবত আফস্পা প্রত্যাহাৰৰ দাবী তীব্ৰতৰ হৈছে।বিভিন্ন ৰাজ্যত জনসাধাৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। অমিত শ্বাহৰ সৈতে বৈঠকৰ সময়ত নেফিউ ৰিঅ’ৰ উপৰি উপস্থিত আছিল অসমৰ মুখ্যমন্ত্ৰী  ড° হিমন্ত বিশ্ব শর্মাও। বৈঠকত সিদ্ধান্ত লোৱা অনুসৰি পৰ্যালোচনা কমিটীত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতিনিধি থাকিব। ইয়াৰ উপৰি থাকিব নাগালেণ্ড আৰক্ষীৰ উচ্চপদস্থ বিষয়াও। ৪৫ দিনৰ ভিতৰত কমিটীয়ে প্রতিবেদন দাখিল কৰিব।এই প্রতিবেদনৰ ভিত্তিত নাগালেণ্ডৰ পৰা বিতর্কিত আফস্পা প্রত্যাহাৰৰ বিষয়ক লৈ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।