নাগালেণ্ডৰ অ’টিংত সেনা বাহিনীৰ নিৰ্বিচাৰ গুলীচালনাত ১৫জনকৈ নিৰীহ লোক নিহত
ৰঙিলী বাৰ্ত্তাসেৱা- নাগালেণ্ডৰ ম্যানমাৰ সীমান্তৱৰ্তী মন জিলাত সেনা বাহিনীৰ নিৰ্বিচাৰ গুলীচালনাত ১৫জনকৈ নিৰীহ লোক নিহত হয়। চোৰাংচোৱাই দিয়া ভুল তথ্যৰ ভিত্তিত এন এছ চি এন (কে)ৰ উগ্ৰপন্থী বুলি সেনাৰ অভিযানকাৰী দলে চলোৱা গুলীচালনাত জিলাখনৰ অ’টিং নামৰ গাঁওখনত ৬জন শ্রমিকৰ মৃত্যু হয়।তিৰু-অ’টিং পথেৰে আহি থকা এখন পিক্আপ ভানৰ ওপৰত সেনাই নির্বিচাৰে গুলীচালনা কৰে।এই পিক্আপ ভানতে তিকৰ কয়লা খনিত কাম কৰা অ’টিঙৰ বহুকেইজন শ্রমিক ঘৰমুৱা হৈছিল। ঘটনাস্থলীতে ৬জন শ্রমিকৰ মৃত্যু হোৱাৰ উপৰি দুজনে পৰৱৰ্তী সময়ত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। আৰক্ষী সূত্ৰই সদৰী কৰা অনুসৰি সেনাৰ এই গুলীচালনাৰ ঘটনাৰ পাছতে স্থানীয় গঞাই যুদ্ধংদেহি ৰূপ গ্ৰহণ কৰি নিৰাপত্তা বাহিনীৰ তিনিখন বাহন জুলাই দিয়াৰ উপৰি দা-কুঠাৰ-লাঠী আদি লৈ এই নির্বিচাৰ গুলীচালনাৰ প্রতিশোধ লোৱাৰ চেষ্টা চলায়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আত্মৰক্ষাৰ বাবে নিৰাপত্তা বাহিনীয়ে পুনৰ গুলীচালনা কৰাৰ ফলত ৫জন গঞাৰ মৃত্যু হোৱাৰ উপৰি আন ৬জন গুৰুতৰভাৱে আহত হয়। নাগালেণ্ডৰ গৃহ সচিব অভিজিৎ সিনহাই গুলীচালনাৰ ঘটনাত আন এজন শ্রমিকৰ মৃত্যু হোৱাৰ তথ্য নিশ্চিত কৰিছে। সেনাবাহিনীয়ে এক আনুষ্ঠানিক বিবৃতিত সদৰী কৰা অনুসৰি অঞ্চলটোত এন এছ চি এন (কে) উগ্ৰপন্থীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পাছতেই নিৰাপত্তা বাহিনীয়ে অভিযান চলাবলৈ গৈছিল। মন জিলাৰ তিৰু অঞ্চলত নিৰাপত্তা বাহিনীয়ে অভিযান চলাবলৈ যোৱাৰ সময়তে এই ঘটনা সংঘটিত হয়। ভুলবশতঃ সংঘটিত এই ঘটনা সন্দৰ্ভত বিবৃতিটোত সেনাই গভীৰ দুখ প্ৰকাশ কৰিছে।দিল্লীত থকা মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ ৰাজ্যখনলৈ উভতি আহিছে আৰু মনলৈ যাব আৰু স্থানীয় লোকসকলক সাক্ষাৎ কৰিব। তেওঁ ইতিমধ্যে ঘোষণা কৰিছে যে এটা বিশেষ অনুসন্ধান দলে বিষয়টো তদন্ত কৰিব। উৰাবাতৰিৰ প্ৰচাৰ বন্ধ কৰিবলৈ মন জিলাত মোবাইল ইণ্টাৰনেট আৰু এছএমএছ সেৱা বন্ধ কৰা হৈছে। ঘটনাক লৈ যাতে জনসাধাৰণৰ মাজত অপপ্ৰচাৰ সৃষ্টি নহয়, সেই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোধ কৰিয়ে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্রশাসনে ঘোষণা কৰিছে।