নষ্টালজিক
মুন শৰ্মা,লখিমপুৰ, বছাগাঁও
আজি দেওবাৰ। বাৰিষা আগমনৰ ফলত দিয়াবৰষুণ জাক আজি অলপ দীঘলীয়া সময়লৈ দিলে। পুৱাতে আৰম্ভ হৈ আবেলি তিনি মান বজাত এৰি মিহি কৈ ৰ’দ কিছু ওলাইছে। সাধাৰণতে দেওবাৰে ঘৰৰ ইটো সিটো কৰি ভাল পোৱা অজয় দুৱৰায়ে বৰষুণৰ ফলত বিচনা খনৰ বাদে বাকী কটো যাব পৰা নাই। তেওঁ আমনি লাগিছিল। কিন্তু উপায় একো পোৱা নাছিল। সেয়ে আবেলি বৰষুণ জাক এৰাৰ পাছতে দুপৰীয়াতে শ্ৰীমতীয়ে দিয়া সপ্তাহৰ ঘৰুৱা বজাৰৰ তালিকা লিখা কাগজ খন জেপতে লৈ হাতত এটা মোনাৰে আগুৱালে বজাৰলৈ বুলি।বজাৰ সমাপ্ত কৰি উভতি অহাৰ বাটত তেওঁলৈ এটা ফোন ক’ল অহাত চলন্ত বাইকখন ৰাস্তাৰ কাষতে ৰখাই দিলে আৰু ক’লটো ৰিচিভ কৰিলে ক’ল অফিচৰ আছিল। তেওঁক আজিয়ে কিবা এখন কাকত মেইল কৰি পঠাই দিবলৈ ওপৰৰ অফিচাৰৰ নিৰ্দেশ। ঠিক আছে ছাৰ। বাক্য শাৰী কৈকৈ এটা সময়ত ফোনটো কাটিছিল। আকৌ উভতনি যাত্ৰা আৰম্ভ কৰিছিল অজয় দুৱৰাই।যায় মনেই ,,তেওঁৰ কাণত পাৰিছিল এখন চলন্ত ৰেলৰ শব্দ। যিখন কলিকতাৰ অভিমুখে আগুৱাই গুৱাহাটী এৰিছে। কিছু পৰ সেই ঠাইত ৰৈ দিছিল তেওঁ আৰু চকুৰে নেদেখা হোৱালৈকে ৰেল খনলৈ চাই আছিল তেওঁ। তাৰ পাছত এটা সময়ত ঘৰলৈ উভতি আহিছিল।শ্ৰীমতীক বস্তু খিনি দিয়েই লৰালৰিকৈ ৰুমলৈ গৈ লেপটপটো উলিয়াই আৰু দুখন ফাইল আলমাৰীৰ পৰা উলিয়ায় আনিলে আৰু মেইল কৰিবলৈ আৰম্ভ কৰিলে কিন্তু তেওঁ মন লগাব পৰা নাই কামটোত। বাৰে বাৰে সেই বাটত দেখি অহা ৰেল খনলৈ মনত পাৰি আছে। কিবা কিবি ভাৱনাত বিভূৰ হৈ আছে।মনত পেলাইছে এটা সময়ত এৰি অহা দেই অতীতৰ দিনবোৰলৈ। লখিমপুৰ জিলাৰ বগীনদী সেই ১৪ মাইল নামৰ ঠাই খনলৈ য’ত জীৱনৰ এচোৱা সোণালী সময় অতিবাহিত কৰিছিল।ৰেল খন দেখি মনত পৰাৰ কাৰণ এটাই যে ১৪ মাইলৰ সিহঁতৰ ঘৰৰ কিছু আঁতৰতে আছিল ৰেলৰ আলিটো। য’ত প্ৰতি দিনে পুৱা উকি মাৰি গৈছিল এখন ৰেল। যাৰ উকি শুনিলেই আনন্দত মতলীয়া হৈ পৰিছিল তাৰ লগতে আৰু দুটামান সমনীয়া। মনত পৰিছিল পদুমণি আই থানৰ কথা।মনত পাৰিছিল পাহাৰীয়া এলেকাত অৱস্থিত সিহঁতৰ ডাঙৰ যৌথ পৰিয়ালটোৰ কথা লগতে মনত পৰিল সেউজীয়া পাহাৰ খন, সৰু নিজৰাটো, তাতেই থকা এখন বাঁহৰ দলং খন, এজন ৰাজনৈতিক নেতাই সিহঁতৰ ঘৰৰ কাষতে পতা ব্যক্তিগত চাহৰ বাগান খনৰ কথা, অসমীয়াৰ উপৰিও অনেক সম্প্ৰদায় আৰু জাতিৰ মানুহ সিচঁৰিত হৈ থকা সিহঁতৰ অঞ্চলটোৰ তাৰ বিভিন্ন সম্প্ৰদায়ৰ বন্ধু,বান্ধৱী বোৰ লগত কটোৱা সময়ৰ কথা। বিশেষ কৈ নাটক ভাল পোৱা অজয় দুৱৰাই পাহৰিব পৰা নাই আজিও,অঞ্চলৰ ৰঙ্গমঞ্চত কৰা সিহঁতৰ নাটক বোৰৰ কথা।ভাবি ভাবি তেওঁ আজি নষ্টালজিক পৰিছে ফলত কিছু আৱেগে হেঁচা মাৰি ধৰিছে। আজি তেওঁ মহানগৰীৰ বাসিন্দা। গুৱাহাটীত বাস কৰা আজি একুৰি বছৰত উপনীত হ’ল। আৰু বহুত বছৰ হ’ল দিন তাৰ সেই মৰমৰ ঠাই খনলৈ যোৱা নাই চাকৰিৰ তাগিদাত। দায়িত্ব বোৰৰ চেপাত পাৰি,দৈনন্দিন ব্যস্ততাৰ ফলত সান্তনা ল’ব লগা হয় মনতে অতীত পাগুলি।অতীতৰ সেই সকলো বোৰে কেতিয়াবা তাক মাতে ৰিঙীয়াই আজিও কাৰণ তাত থকা পাহাৰ খন, বাগান খন নিজৰা টো আৰু কিবা কিবি বহুতো আছে যাৰ কাষৰ পৰা এটা সময়ত আহিছিল তেওঁ আঁতৰি যিবোৰে এতিয়াও বিচাৰে তাক যে সি আকৌ আহক অজয় ঘূৰি। কিন্তু অজয় দুৱৰাই জানে হয়, সিহঁত আছে কিন্তু মোৰ যে নাই সিহঁতৰ কাষলৈ যাবলৈ এই দুনীয়াত আৰু অকণো সময়। সেয়া বৰ্তমান অতীত হ’ল গতিশীল সময়ৰ নিৰ্দেশ মানি। মাথোঁ থাকি গ’ল আজীৱন মনত স্মৃতি ৰূপে যুগমীয়া হৈ।