নলবাৰীৰ ৰাসস্থলীত চাওমিন খোৱাৰ পিছতে অসুস্থ হৈ কিশোৰীৰ মৃত্যু

Pc Hindustan Times

নলবাৰীৰ ৰাসস্থলীত চাওমিন খোৱাৰ পিছতে অসুস্থ হৈ কিশোৰীৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  নলবাৰীত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।খাদ্যত বিষক্রিয়া হৈ এগৰাকী কিশোৰীৰ মৃত্যু হয়।মৃত্যু হোৱা কিশোৰীগৰাকীৰ নাম নাজমিন চুলতানা।জানিব পৰা মতে বুধবাৰে নিশা কিশোৰীগৰাকীয়ে ৰাস স্থলীত থকা এখন অস্থায়ী বিপণিত চাওমিন খাইছিল।চাওমিন খোৱাৰ পিছতে কিশোৰীগৰাকী অসুস্থ হৈ পৰিছিল।ইয়াৰ পাছতেই কিশোৰী গৰাকীক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসালয়তে মৃত্যু হয় নাজমিন চুলতানাৰ।এই ঘটনাই সমগ্ৰ নলবাৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে।