নবপ্ৰজন্ম দায়িত্বহীন হলে জাতিৰ সভ্যতা সংস্কৃতি জীয়াই নাথাকে – বিন্দু ৰাজবংশী কলিতা

pc Pelham Union Free School District

নবপ্ৰজন্ম দায়িত্বহীন হলে জাতিৰ সভ্যতা সংস্কৃতি জীয়াই নাথাকে

বিন্দু ৰাজবংশী কলিতা

বৰ্তমান তথ্য প্ৰযুক্তিৰ যুগত নতুন প্ৰজন্মৰ সন্তান সকল যান্ত্ৰিকতাৰ মোহত আছন্ন হৈ পৰিছে।জন্মৰ কেইমাহমান পিছৰে পৰাই অভিভাৱক সকলে নিজৰ সন্তানৰ হাতত মোবাইল একোটা তুলি দি গৰ্বিত অনুভৱ কৰা পৰিলক্ষিত হৈছে।তাৰ ফলস্বৰূপে একাংশ শিশুৰ বৌদ্ধিক বিকাশত বাধা হৈছে সেইকথা বহুতেই বুজিবলৈ চেষ্টা কৰা নাই।বহুতো কম বয়সীয়া লৰা-ছোৱালীয়ে ইন্টাৰনেট মাধ্যমৰ জৰিয়তে ধ্বংসৰ গহ্বৰত সোমাই গৈ আছে।এই বিষয়তোৰ ওপৰত পিতৃ মাতৃৰ লগতে পৰিয়ালৰ আন সদস্য সকলৰো সতৰ্কতা আৰু দায়িত্ব আহি পৰিছে।
শিশুৰ চৰিত্ৰ গঠনত মহান ব্যক্তিসকলৰ জীৱনী সাহিত্যৰ প্ৰভাৱ অপৰিসীম। জীৱনী বুলি কলে এগৰাকী ব্যক্তিৰ জীৱন পৰিক্ৰমাৰ জীৱন বৃত্তান্ত আৰু বিকাশকে বুজোৱা হয়।ইয়াক জীৱনৰ ইতিহাস বুলিও কোৱা হয়।
শিশু সকলক স্কুলত নামভৰ্তি কৰি দিয়াৰ পিছৰে পৰাই অভিভাৱক সকলে শিশুৰ চৰিত্ৰ গঠনৰ লগতে জীৱনটো শুদ্ধভাবে গঢ়াৰ ক্ষেত্ৰত আগভাগ লব লাগে।ঘৰখনেই চৰিত্ৰ গঠনৰ কঠিয়াতলি।পিতৃ মাতৃয়েই শিশু সকলৰ প্ৰথম গুৰু।এই সময়চোৱাত সিহঁতক মহান ব্যক্তি সকলৰ জীৱনৰ বিষয়ে পঢ়ি শুনাব লাগে।এই বয়সত সাধুকথা শুনি যিদৰে সিহঁতে আমোদ পোৱাৰ লগতে একোটা ভাল চৰিত্ৰৰ আদৰ্শ লবলৈ প্ৰেৰণা পাই ঠিক সেইদৰে মহাপুৰুষ সকলৰ জীৱন কাহিনী শুনিলেও সিঁঁহতে বুজিবলৈ চেষ্টা কৰে , জীৱন কি ? কি কৰিলে জীৱন এটা ধন্য কৰিব পাৰি সেইকথা বুজি জীৱন পথত অগ্ৰসৰ হবলৈ অনুপ্ৰাণিত হয়। অলপ ডাঙৰ হৈ যেতিয়া কিতাপ পঢ়িব পৰা হয় তেতিয়াই সিহঁতৰ হাতত তুলি দিব লাগে বৌদ্ধিক বিকাশত অৰিহণা যোগাব পৰা গ্ৰন্থ ।

ইয়াৰ উপৰিও আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। এই শিশু সকলেই নতুন প্ৰজন্ম। সৰুকালৰ পৰাই সুস্থ চিন্তাধাৰাৰে আগবাঢ়িলেহে ভাল নাগৰিক হব পাৰিব।
দেখা গৈছে যে একাংশ নবপ্ৰজন্মই নিজৰ ভাষা সংস্কৃতিৰ জ্ঞান থকটো দূৰৰে কথা সাধাৰণ শিষ্টাচাৰ খিনিও নাজানে। ডাঙৰৰ সন্মুখত কিদৰে কথা কব লাগে কেনেকুৱা আচৰণ কৰিব লাগে সেই সম্পৰ্কে সম্যক জ্ঞান খিনিৰো অভাব।এইক্ষেত্ৰত অভিভাবকসকল যে দায়ী সেই কথা কোনোপধ্যেই নুই কৰিব নোৱাৰি। অকল মোবাইলৰ ভিতৰতে শিক্ষা ললে হয়তো কিবা প্ৰতিযোগিতা মূলক ডাঙৰ পৰীক্ষাত উৰ্তীৰ্ণ হব সছা কিন্তু জ্ঞান আহৰন কৰাত কিমান সফল হব সেয়া কোৱা কঠিন। আচাৰ ব্যৱহাৰৰ লগতে নিজৰ ভাষা সংস্কৃতিক শ্ৰদ্ধা কৰিবলৈ শিকিবলৈ হলে অকল মোবাইলৰ শিক্ষাৰ ওপৰত নিৰ্ভৰ কৰিলেই নহব। দেখা যায় যে নিজৰ ভাষা আৰু সংস্কৃতিৰ প্ৰতি তিলমানো শ্ৰদ্ধা নথকা এচাম অহংকাৰী লৰা ছোৱালীয়ে আজিকালি নিজৰ ময়মতালিৰে মাজে মাজে সমাজখন দুখীত কৰে।জাতিক জীয়াই ৰাখিবলৈ জাতিটোৰ সভ্যতা সংস্কৃতিক শ্ৰদ্ধা কৰিব লাগিব। দেশ আৰু জাতিক জীয়াই ৰখাটো নতুন প্ৰজন্মৰ দায়ীত্ব। নবপ্ৰজন্ম দায়িত্বহীণ হলে জাতিৰ সভ্যতা সংস্কৃতি জীয়াই নাথাকে।