নতুন সাহিত্য পৰিষদৰ দক্ষিণ গুৱাহাটী শাখাৰ কবিতাৰ অনুষ্ঠান
ৰঙিলী বাৰ্ত্তাসেৱা- নতুন সাহিত্য পৰিষদৰ দক্ষিণ গুৱাহাটী শাখাৰ ১৪৩ সংখ্যক বৈঠকখন মহানগৰীৰ ওদালবাক্ৰাস্থিত বিষ্ণুৰাভা উদ্যানৰ দিলীপ তালুকদাৰ মঞ্চত দেওবাৰে অনুষ্ঠিত হয়৷ সুভাষ শৰ্মাই পৌৰোহিত্য কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ড° নীলিমা দত্ত চৌধুৰীয়ে। পৰিষদৰ আৰম্ভণি গীত পৰিৱেশন কৰে প্ৰিয়ম্বদা দাস, কুমকুম মালাকৰ,ড° নীলিমা দত্ত চৌধুৰী আৰু যামিনী অধিকাৰী দত্তই। সভাত ১৪ গৰাকী কবিয়ে স্বৰচিত কবিতা পাঠ কৰে। কবিসকল আছিল অজয় ডেকা, শিল্পী ৰেখা গগৈ, কমল দে, অৰুণ শৰ্মা, প্ৰসন্ন দত্ত, সুৰেণ চন্দ্ৰ দাস, শিপ্ৰা নাগ, অঞ্জনা বৰুৱা, মদন চন্দ্ৰ দাস, তিলোত্তমা দত্ত, ভাৰত চন্দ্ৰ দত্ত, ডাঃ অনিল কুমাৰ চৌধুৰী, প্ৰিয়ম্বদা দাস আৰু সুভাষ শৰ্মাই।সভাত পঠিত কবিতা সমূহৰ পৰ্যালোচনা আগবঢ়ায় কুতুবুদ্দিন আহমেদে।ইয়াৰ পাছত ১৯৩৮ চনতে খৰ্গেশ্বৰ দত্ত বৰুৱাই লিখি উলিওৱা ’THE REVELATIONS OF THE HEAVENS’ গ্ৰন্থখন ডাঃ জীৱন দত্ত বৰুৱাই সম্পাদনা কৰি উলিওৱা সংস্কৰণটো উন্মোচন কৰা হয়৷