নতুন পেন্সন আঁচনি বাতিল কৰা আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অসম তৃণমূল কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট

নতুন পেন্সন আঁচনি বাতিল কৰা আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অসম তৃণমূল কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট

ৰঙিলী বাৰ্ত্তাসেৱা-  নতুন পেন্সন আঁচনি বাতিল কৰা আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত চচলত সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত অসম তৃণমূল কংগ্ৰেছৰ উদ্যোগত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷অসম তৃণমূল কংগ্ৰেছ, অসম তৃণমূল যুৱ কংগ্ৰেছ আৰু অসম তৃণমূল মহিলা কংগ্ৰেছৰ সতীৰ্থসকলে ‘শীঘ্ৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰক’, ‘ছয় জনগোষ্ঠীৰ জনজাতিকৰণত হেমাহি নচলিব’, ‘অসমক বঞ্চিত কৰা নচলিব’,’অসমৰ প্ৰতি কেন্দ্ৰৰ মাহী আইৰ দৃষ্টি মানি লোৱা নহ’ব’, ‘নতুন পেন্সন আঁচনি বাতিল কৰক, পুৰণি পেন্সন আঁচনি ৰূপায়ণ কৰক’,’SCRAPE NPS, IMPLEMANT OPS’, ‘নতুন পেন্সন আঁচনিৰ নামত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক বঞ্চিত কৰা নচলিব’, ‘নতুন পেন্সন আঁচনি বাতিল কৰি কৰ্মচাৰীক ন্যায় প্ৰদান কৰক’, ‘নতুন পেন্সন আঁচনি বাতিল কৰি কৰ্মচাৰীক সুৰক্ষা নিশ্চিত কৰক’, ‘চৰকাৰৰ হঠকাৰী সিদ্ধান্ত মানি নলও’, ‘বিজেপি চৰকাৰ হুঁচিয়াৰ’, ‘অসম চৰকাৰ হায় হায়’, ‘অসম তৃণমূল কংগ্ৰেছ জিন্দাবাদ,’ ‘মমতা বেনাৰ্জী জিন্দাবাদ’, ‘ৰিপুণ বৰা জিন্দাবাদ’ আদি শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।এই কাৰ্যসূচীত বিশিষ্ট চিন্তাবিদ দেৱেন তামুলী, টাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁই, প্ৰচাৰ সম্পাদক সীমান্ত গগৈয়ে অংশ লৈ অসম তৃণমূল কংগ্ৰেছৰ দাবীৰ সমৰ্থনত বক্তব্য প্ৰদান কৰে।সভাপতি ৰিপুণ বৰা আৰু মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই শীঘ্ৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ দাবী জনোৱাৰ লগতে নতুন পেন্সন আঁচনি বাতিল কৰি পুৰণি পেন্সন আঁচনি ৰূপায়ণ কৰিবলৈ দাবী জনায়।