নতুন দিল্লীয়ে সকলো প্রত্যাহ্বান প্ৰতিৰোধ কৰিবলৈ নতুন ৰকেট ফ’ৰ্চ গঠনৰ দিশে আগবাঢ়িবঃ চি ডি এছ জেনেৰেল ৰাৱাট

pc Times of India

নতুন দিল্লীয়ে সকলো প্রত্যাহ্বান প্ৰতিৰোধ কৰিবলৈ নতুন ৰকেট ফ’ৰ্চ গঠনৰ দিশে আগবাঢ়িবঃ চি ডি এছ জেনেৰেল ৰাৱাট

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতৰ প্রতিৱেশীৰ তালিকাত নতুনকৈ সন্নিৱিষ্ট হৈছে তালিবান শাসিত আফগানিস্তান। প্রতিৱেশী ৰাষ্ট্র চীন আৰু পাকিস্তানে ভাৰতৰ বাবে প্ৰত্যাহ্বান হৈ থকাৰ সময়তে এই প্রতিৱেশীৰ তালিকাত নতুনকৈ সন্নিৱিষ্ট হৈছে তালিবানশাসিত আফগানিস্তান। দুই প্রতিৱেশী শত্ৰু ৰাষ্ট্ৰ চীন আৰু আফগানিস্তানৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতক আৱশ্যক হৈছে সংহত নিৰাপত্তা কৌশলৰ। তদুপৰি ভাৰতে ক্ষেপণাস্ত্ৰৰ কাৰণে নতুন ‘ৰকেট ফ’ৰ্চ’ গঠনৰ আৱশ্যকতা আহি পৰিছে। চীনে আগ্রাসী ৰূপেৰে তালিবানশাসিত আফগানিস্তানৰ সৈতে সম্পর্ক গঢ়ি তোলাৰ প্ৰয়াসক লৈ  উদ্বিগ্নতা প্ৰকাশ কৰি চি. ডি. এছ. জেনেৰেল বিপিন ৰাৱাটে ক্ষেপণাস্ত্ৰৰ কাৰণে নতুন ৰকেট ফ’ৰ্চৰ আৱশ্যকতা আছে বুলি মন্তব্য কৰিছে। উল্লেখ্য যে চীনে তালিবানশাসিত আফগানিস্তানৰ সৈতে সম্পর্ক গঢ়ি তোলাৰ সমান্তৰালকৈ ইৰান আৰু তুৰস্কৰ সৈতেও বন্ধুত্ব গঢ়াৰ দিশে আগবাঢ়িছে। চীন আৰু আফগানিস্তানৰ সৈতে মোকাবিলা কৰাৰ বাবে নতুন দিল্লীয়ে সকলো প্রত্যাহ্বান প্ৰতিৰোধ কৰিবলৈ নতুন ৰকেট ফ’ৰ্চ গঠনৰ দিশে আগবাঢ়িব লাগিব বুলি কয় চি ডি এছ জেনেৰেল ৰাৱাটে।

(UD.)