ধৰ্ষণ নকৰিব
হে জীৱ শ্ৰেষ্ঠ কৰিছোঁ মিনতি
হে মানৱ জাতি কৰিছোঁ কাকতি
তোমাৰ ওচৰত হাত যোৰ কৰি
মাগিছো দোৱা দুই হাত তুলি
পাপ কাম নকৰিব।
আল্লাহ , ভগৱান অবিহনে
আমি থাকিব নোৱাৰি ।
আল্লাহ, ভগৱান , ঈশ্বৰ
সকলোৰে বাবে আছে,
পাপ কাম কৰিবলৈ হ’লে
এবাৰ ভাবি চোৱা মানৱ জাতি
সকলো পাপ , পূণ্যাৰ্থীসকলৰ বাবে
বিচাৰ এদিন আছে
মাথোঁ সময়ৰ অপেক্ষা!
কৰ্মৰ ফল নিজ হাতেৰে পাই থাকিবা ।
পৰকালৰ বাবে ৰৈ থাকিব নালাগে,
ইহ কালতে পাই যাব পাৰিবা ।
ধৰ্ষণ নকৰি বা মানৱ জাতি
নহ’ব কেতিয়াও তুমি দানৱ।
নাৰীক সন্মান কৰিবা
এজনী নাৰীৰ গৰ্ভৰ পৰা
তোমাৰ জন্ম হৈছিল
এই কথা পাহৰি নাযাব ।
ধৰ্ষণ নকৰিব ধৰ্ষণ নকৰিব নাৰীক।।
যি জনী নাৰী তোমাৰ আই মাতৃ , ভগ্নী,
সেই নাৰীক লৈ কিয় ধৰ্ষণ
প্ৰত্যেক দিনাই নাৰীক সন্মান কৰিবা।
নকৰিব নাবালিকাক ধৰ্ষণ
মানৱ জাতি মানুহ হৈ থাকিব
পশুৰ আচৰণ নহ’ব।
সকলোৱে লব লাগিব
মনে মনে পণ ।
আহক আমি
সকলোৱে মিলি
প্ৰতিশ্ৰুতি লওঁ কাণত ধৰি
আই মাতৃক সুৰক্ষিত
কৰি ৰাখিম সন্মান কৰি ।
ছেলিমা বেগম
শিৰোনাম, নগাঁও