ধোবাং বাং
অমূল্য চেতিয়া
শেষ হ’ব দিয়া মোক
খোদিত হৈ ৰ’ল সূৰ্যহীন পোৱা
ধোঁৱাই গিলা আকাশ
বসুন্ধৰা হ’ল শোষিত
নিঃশেষ হ’ব দিয়া মোৰ দুভৰি
তেজেৰে সিক্ত সেউজী
নদীৰো হেৰাল ঘূমটি!
মোক শেষ হ’ব দিয়া
পদপথত পৰি ৰওক
জীয়া কলিজাৰ ধপধপনি
উপভোগত মজিবলৈ
সেইয়া,
যদুকুল ধ্বংসৰ আখৰা!