ধিঙৰ বেছামাৰী বজাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান

ধিঙৰ বেছামাৰী বজাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান

ৰঙিলী বাৰ্ত্তাসেৱা-  আজি পুৱাই নগাঁও জিলাৰ ধিঙৰ বেছামাৰীৰ অৰ্ধ- সাপ্তাহিক বজাৰ খনত ৩০ খনতকৈ অধিক দোকানত প্ৰশাসনে বুলড’জাৰ চলায়।চৰকাৰী ভূমি অবৈধ ভাবে বেদখল কৰি পকী ঘৰ নিৰ্মাণ কৰিছিল একাংশ ব্যৱসায়ীয়ে।পৰৱৰ্তী পৰ্যায়ত ধিং ৰাজহ চক্রৰ অন্তৰ্গত বেদখলকৃত চৰকাৰী ভূমিত প্ৰশাসনে উচ্ছেদ চলাব বুলি জানিব দিছে ধিং ৰাজহ চক্রৰ চক্ৰ বিষয়াই। বেআইনী বাবে ভূমি দখল কৰি পকী গৃহ নিৰ্মাণ কৰি দীৰ্ঘদিন ধৰি ব্যৱসায় কৰি থকা একাংশ ব্যৱসায়ীয়ে প্ৰশাসনৰ জাননী লাভ কৰি উচ্ছেদৰ পূৰ্বেই ৰ্স্ব- ইচ্ছাই নিজৰ নিজৰ দোকান খালি কৰি প্ৰশাসনৰ উচ্ছেদ অভিযানক সহায় কৰা পৰিলক্ষিত হয়। এক প্ৰকাৰ ক’বলৈ গ’লে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ উপস্থিত পুৱাই আৰম্ভ কৰা উচ্ছেদ অভিযান আবেলি শান্তি পূৰ্ণভাবে সমাপ্ত হয়।