ধিঙৰ কটহগুৰিত ইচলাহে মুআছাৰাৰ সভা

ধিঙৰ কটহগুৰিত ইচলাহে মুআছাৰাৰ সভা

ধিঙ, আদিলুৰ ৰহমান, ৰঙিলী বাৰ্ত্তাসেৱা-  নগাওঁ জিলাৰ ধিং থানাৰ অন্তৰ্গত কটহগুৰিত আজি ইচলাহে মুআছাৰাৰ এখন সভা অনুষ্ঠিত হৈ যায়। জানিব পৰা মতে , জমিয়ত উলামায়ে হিন্দৰ নগাওঁ জিলা সমিতিৰ তত্বাৱধানত আৰু কটহগুৰি টুকটুকী মণ্ডলৰ সহযোগত কটহগুৰি আঞ্চলিক জামে মছজিদত ইচলাহে মুআছাৰা অৰ্থাৎ সমাজ সংস্কাৰৰ এখন সভা অনুষ্ঠিত হয়।জমিয়ত উলামায়ে হিন্দৰ নগাওঁ জিলা সমিতিৰ সভাপতি মৌলানা আতাউৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ধিং সমষ্টিৰ বিধায়ক আলহাজ আমিনুল ইছলাম উপস্থিত থাকি তেওঁৰ ভাষণত কয় – সমাজ সংস্কাৰ আৰু অপৰাধ প্ৰৱণতা ৰোধ কৰাৰ বাবে চেষ্টা চলোৱা প্ৰত্যেকজন মুছলমান, বিশেষকৈ উলামায়ে কেৰাম আৰু মছজিদ সমূহৰ ইমাম সকলৰ দ্বিনি আৰু অধিকাৰীক দায়িত্ব ।সভাখনত উত্তৰ পূৱ ভাৰতৰ এমাৰতে শ্বৰীয়াৰ সম্পাদক মুফতি আব্দুল মান্নান আৰু জমীয়তৰ নগাওঁ জিলা সমিতিৰ সম্পাদক মৌলানা আব্দুৰ নুৰে মুছলমানৰ কল্যাণ,উত্তৰণ আৰু উন্নয়নৰ ওপৰত ভাষণ দিয়াৰ লগতে সমাজৰ পৰা অসমাজিক কাৰ্যকলাপ বিশেষকৈ ড্ৰাগছ, মদ,ভাং,জুৱা বাল্য বিবাহ আদিৰ লগতে ইচলাহে মুআছাৰাৰ কাম অধিক সক্ৰিয় আৰু কাৰ্যকৰী কৰিবলৈ আহ্বান জনায়।আজিৰ এই সভাখনতেই নৱ নিৰ্বাচিত অসম ৰাজ্যিক দ্বিনি তালিমী বৰ্ডৰ সভাপতি তথা দাৰুল হাদিছ পৰমাইভেটি মাদ্ৰাছাৰ প্ৰধান শিক্ষক মুফতি ফখৰুল ইছলামক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।আজিৰ এই সমাজ সংস্কাৰৰ সভাখনত জমিয়তৰ নগাওঁ জিলা সমিতিৰ উপ সভাপতি আব্দুল ছাত্তাৰ, সাধাৰণ সম্পাদক আব্দুছ ছালামকে আদি কৰি জমিয়তৰ ১৬ টা আঞ্চলিকৰ প্ৰায় তিনি শতাধিক কৰ্মী উপস্থিত আছিল।