ধিং মহাবিদ্যালয়ৰ ৫৭তম সপ্তাহ সমাৰোহ

ধিং মহাবিদ্যালয়ৰ ৫৭তম সপ্তাহ সমাৰোহ

আদিলুৰ ৰহমান, টুকটুকী ,ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলাৰ এক আগশাৰীৰ শিক্ষানুষ্ঠান ধিং মহাবিদ্যালয়।ধিং মহাবিদ্যালয়ত যোৱাকালিৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে মহাবিদ্যালয় সপ্তাহ সমাৰোহৰ।উক্ত কাৰ্যসূচীৰ আজি দ্বীতিয় দিন।বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা এই সপ্তাহ সমাৰোহৰ লগত সংগতি ৰাখি আজি উন্মোচন কৰা হয় তিনিখনকৈ গ্ৰন্থ।ধিং মহাবিদ্যালৰ অধ্যক্ষ ড‌‌ক্টৰ বিমান বৰাই ৰচনা কৰা গ্ৰন্থ “ফেচবুকৰ আগবাগ” নামৰ গ্ৰন্থখন বিদ্যালয়ৰ প্ৰাক্তন দিব্যাঙ ছাত্ৰ সকলৰ দ্বাৰা আনুষ্ঠানিক বাবে উন্মোচন কৰে।দীব্যাঙ সকলো যে সমাজৰ একো একোজন সফল ব্যক্তি তাৰ বিষয়েও মূল্যৱান ভাষণ প্ৰধান কৰে অধ্যক্ষ গৰাকীয়ে।ইয়াৰ উপৰিও উক্ত অনুষ্ঠানতে মহাবিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমানৰ মহাবিদ্যালয়ত কৰ্মৰত কৰ্মচাৰী উদীয়মান কবি আলিমদ্দিনৰ ন্যায় “পতিষ্ঠাত সমাজ আৰু পুলিচ প্ৰশাসন”,ময়ুৰী দেৱনাথৰ “ভালপোৱাৰ বেজেবৰুৱাৰ নৈ”নামৰ আন দুখন গ্ৰন্থও উন্মোচন কৰা হয়।