ধিং পৌৰসভা নিৰ্বাচনত বিজেপি দলৰ বৃহৎ সাফল্য

pc www.anandabazar.com

ধিং পৌৰসভা নিৰ্বাচনত বিজেপি দলৰ বৃহৎ সাফল্য

আদিলুৰ ৰহমান,টুকটুকী ,ৰঙিলী বাৰ্ত্তাসেৱা-  ধিং পৌৰসভা নিৰ্বাচনত বিজয়ী সাবস্ত্য কৰিলে বিজেপি দলে ।মুঠ দহটা ৱাৰ্ডৰ ভিতৰতে ১০ টা ৱাৰ্ডতে বিজয়ী সাবস্ত্য কৰি অভিলেষ গঢ়িবলৈ সক্ষম হল বিজেপি দলে ।উল্লেখ্যনীয় বিষয় যে ধিং পৌৰসভা নিৰ্বাচনৰ দহটা ৱাৰ্ডৰ ভিতৰত পাঁচটাকৈ ৱাৰ্ড ধিং সমষ্টিৰ আৰু পাঁচটাকৈ বটদ্ৰৱা সমষ্টিৰ ।বৰ্তমান বটদ্ৰৱা সমষ্টিৰ কংগ্ৰেছৰ বিধায়িকা শিৱামণি বৰা আৰু আনফালে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম থকাৰ পিছতো এখন আখন নোপোৱাত বিজেপি দলৰ যে বৰ্তমানে দুয়োটা সমষ্টিতে এক শক্তিশালী ভেটি মজবুত হৈছে এই কথা নুই কৰিব নোৱাৰি ।ধিং পৌৰসভা নিৰ্বাচনত দহটা ৱাৰ্ডৰ ভিতৰত ১নং ৱাৰ্ডত হেমন্ত কুমাৰ দাস, ২নং ৱাৰ্ডত পিয়ংকা শইকীয়া নায়ক, ৩নং ৱাৰ্ডত শিপ্ৰা কুৰি দাস, ৪ নং ৱাৰ্ডত সুশান্ত কুমাৰ নাথ, ৫নং ৱাৰ্ডত শিল্পী শিক্ষা গগৈ, ৬নং ৱাৰ্ডত দিবাকৰ নাথ মজুমদাৰ, ৭নং ৱাৰ্ডত পিয়ংকা শইকীয়া বৰা, ৮নং ৱাৰ্ডত মাটু মনি বৰুৱা, ৯নং ৱাৰ্ডত হৃদয়ানন্দ বৰা আৰু ১০ নং ৱাৰ্ডত ৰিমা ৰবি দাসে বিজয়ী শেষ হাঁহি মাৰিবলৈ সক্ষম হয় । বিজেপি দলৰ প্ৰাৰ্থী বিজয়ী হৈ নিজ পৌৰসভা এলেকাত উপস্থিত হোৱা মাত্রকে এক অবৰ্ণনীয় আনন্দ উল্লাখ দেখিবলৈ পোৱা যায় সমৰ্থক সকলৰ ।বিশেষকৈ ধিঙৰ জগন্নাথ মন্দিৰ প্ৰাঙ্গনত বিজয়ী প্ৰাৰ্থী সকলক উষ্ম আদৰণি জনোৱা লগতে প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ এক ব্যতিক্ৰমী নৃত্য দেখিবলৈ পোৱা যায় । আঙুৰলতা ডেকাই আনন্দত মতলীয়া হৈ কোনো সময়ত যদি প্ৰাৰ্থীৰ লগত আকৌ আন কোনো সময়ত সমৰ্থক সকলৰ লগত দিয়া মতলীয়া নৃত্য কিন্তু চাবলগীয়া ।মুঠৰ ওপৰত বিজেপি বিজয়ীৰ পিছত নৃত্য আৰু নৃত্য, একমাত্র আঙুৰলতাৰ নৃত্য।