ধনুষে ব্ৰিকছ চলচ্চিত্ৰ মহোৎসৱত ‘অসুৰণ’ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে

Pc Zee news

ধনুষে ব্ৰিকছ চলচ্চিত্ৰ মহোৎসৱত ‘অসুৰণ’ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে

ৰহিলী বাৰ্ত্তাসেৱা-  অভিনেতা ধনুষে ব্ৰিকছ চলচ্চিত্ৰ মহোৎসৱত ‘অসুৰণ’ চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল। গোৱাত ভাৰতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ (আইএফএফআই) সৈতে এই মহোৎসৱ অনুষ্ঠিত হৈছিল। অভিনেতাজনে টুইটাৰযোগে বাতৰিটোৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি লিখিছিল, “এক পৰম সন্মান।” ইয়াৰ পূৰ্বে ধনুষে ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ শ্ৰেণীত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।