দৰ্শনাৰ্থীৰ বাবে পুনৰ মুকলি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ

 দৰ্শনাৰ্থীৰ বাবে পুনৰ মুকলি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  পৰিস্হিতি কিছু স্বাভাৱিক হৈ অহাৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড বিধি মানি কাইলৰ পৰা পুনৰ দৰ্শনাৰ্থীৰ বাবে কলাক্ষেত্ৰৰ প্ৰৱেশদ্বাৰ মুকলি কৰাৰ ব্যৱস্হা গ্ৰহণৰ বিষয়ে কলাক্ষেত্ৰ কৰ্তৃপক্ষই জনাইছে৷উল্লেখ্য,ক’ভিড মহামাৰীৰ বাবে শ্ৰীমন্ত শংৰদেৱ কলাক্ষেত্ৰ দৰ্শনাৰ্থীৰ বাবে বন্ধ ৰখা হৈছিল৷দৰ্শনাৰ্থীসকলে ক’ভিড সম্পৰ্কীয় চৰকাৰী বিধি মানি কলাক্ষেত্ৰ দৰ্শন কৰিবলৈ কাইলৈৰ পৰা সুযোগ লাভ কৰিব৷দৰ্শনকালত দৰ্শনাৰ্থীসকলে মাক্স পৰিধান কৰাটো বাধ্যতামূলক৷