দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ প্ৰতিষ্ঠা দিৱসত ২০ লোকশিল্পীক সন্মান

দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ প্ৰতিষ্ঠা দিৱসত ২০ লোকশিল্পীক সন্মান

মঙ্গলদৈ, কিশোৰ কুমাৰ শৰ্মা,ৰঙিলী বাৰ্ত্তাসেৱা– দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ ৪৯ সংখ্যক প্ৰতিষ্ঠা দিৱসটি দৰঙী লোককৃষ্টি পৰিৱেশনৰ মাজেৰে ১জুলাইত সংঘৰ মঙ্গলদৈ কাৰ্যালয় প্ৰাঙ্গনত উদযাপন কৰা হয় । এই উপলক্ষে পুৱা ৯ বজাত পতাকা উত্তোলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে সংঘৰ সভাপতি কুলেন্দ্ৰ নাথ ডেকাই । ইয়াৰ পিছতে লোকশিল্পী তীৰ্থনাথ ওজা আৰু ৰত্নেশ্বৰ বড়া ওজাই বন্তি প্ৰজ্বলন কৰাৰ পিছত কুলেন্দ্ৰ নাথ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত হয় দৰঙী কৃষ্টি প্ৰদৰ্শন আৰু দৰঙী সন্মান প্ৰদান অনুষ্ঠান । সংঘৰ উপ সভাপতি ৰত্নকান্ত ডেকা আৰু সাধাৰণ সম্পাদক নৱ কুমাৰ শইকীয়াই আতধৰা তথা সাংস্কৃতিক কৰ্মী অশোক ভাৰ্গৱে উদ্বোধন কৰা অনুষ্ঠানটিত লোকশিল্পী কুশেশ্বৰী দেৱীৰ ” দৰঙী গীত আৰু বচন ” নামৰ এখনি গ্ৰন্থ উন্মোচন কৰে শিশু সাহিত্যিক জিতেন ভাগৱতীয়ে । লোকশিল্পী দ্ৰোৰ্ন ভূঞা . ৰাজেন্দ্ৰ নাথ ওজা . বিজয় ভাগৱতী . সাহিত্যিক পৃথুৰাম বৰুৱা . দণ্ডধৰ হাজৰিকা . কুলেন্দ্ৰ চহৰীয়া . দেবেশ্বৰ শৰ্মা আদি উপস্থিত থকা অনুষ্ঠানটিত যুৱ প্ৰজন্মৰ লোকশিল্পী ক্ৰমে ব্যাস সংগীতৰ কিংকৰ নাথ ওজা . সঞ্জীৱ কলিতা ওজা . সঞ্জয় নাথ ওজা . সুকনানি সংগীতৰ পুৰন্দৰ শৰ্মা ওজা . প্ৰনৱ কুমাৰ শৰ্মা ওজা . ভূপাল বৰুৱা ওজা . চিয়াগীতৰ দীপশিখা শইকীয়া . দাইনাপালি বাপন শৰ্মা . নাগাৰা নামৰ কুসুম দেৱী পাঠক . সুভাষ নাথ পাঠক . নাগাৰা নাম আৰু আইনামৰ দুলুমনি নাথ . নাঙেলী গীতৰ জয়প্ৰকাশ শৰ্মা আৰু শিল্পী তাৰাশঙ্কৰ শইকীয়াৰ লগতে সাধক লোকশিল্পী প্ৰেমানন্দ বৰুৱা . লোহিত চন্দ্ৰ শৰ্মা . বীৰেন্দ্ৰ কুমাৰ নাথ . ধৰ্মকান্ত ডেকা . মহেন্দ্ৰ চহৰীয়া আৰু কুশেশ্বৰী দেৱীক ৰাজহুৱাভাৱে সন্মান প্ৰদান কৰা হয় । অনুষ্ঠানটিত দক্ষিন চুবুৰি চেমনীয়া ঢেপাঢুলীয়া . তুবাপাৰা চেমনীয়া বৰঢুলীয়া . নিজ সৰাবাৰীৰ চেমনীয়া সুকনানি ওজাপালি . চমুৱাপাৰা খুলীয়া ভাউৰীয়া . ৰঙামাটিৰ দেহবিচাৰৰ গীত . গৰুখুটী চিয়াগীতৰ দলে চিয়াগীত . ভূঞাখাটৰ মহিলা ব্যাস সংগীত . বাহজানীৰ ব্যাস সংগীত আৰু শিল্পী পেঞ্চনাৰ তীৰ্থ নাথ ওজাই ব্যাস ওজাপালি প্ৰদৰ্শন কৰি জীপাল কৰি তোলে অনুষ্ঠান সন্ধিয়া ৪৯ গছি বন্তি প্ৰজ্বলন কৰা হয় । দৰঙী কলা কৃষ্টি উন্নয়ন সংঘৰ সম্পাদক নৱ কুমাৰ শইকীয়াই জানিবলৈ দিয়ে যে সংঘৰ উদ্যোগত সমাগত ২০ জুলাইৰ পৰা ১৫ অক্টোবৰলৈ এক বিস্তৃত গ্ৰীষ্মকালীন কৰ্মসূচী অনুষ্ঠিত হ’ব।