দৰঙত ৬৩ সংখ্যক শিক্ষক দিৱস উদ্ যাপন

দৰঙত ৬৩ সংখ্যক শিক্ষক দিৱস উদ্ যাপন

মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- দৰং জিলা প্ৰশাসনৰ উদ্যোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত কালি ৬৩ সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয়। দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে উদ্বোধন কৰা এই শিক্ষক দিৱস অনুষ্ঠানত মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস আৰু অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে । অনুষ্ঠানৰ আৰম্ভণিতে জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত আৰু বিধায়ক আৰু মীন উন্নয়ন নিগমৰ অধ্যক্ষ তথা বিশিষ্ট ব্যক্তিসকলে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে। অনুষ্ঠানত মঙলদৈৰ বিধায়ক বসন্ত দাসে শিক্ষকসকলক শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি কয় যে দৰং জিলাখন যিহেতু আকাংক্ষিত জিলা সেয়ে শিক্ষাৰ দিশটো আগুৱাই নিবৰ বাবে শিক্ষকসকলক আহ্বান জনায়। গুনোৎসৱ ব্যৱস্থা চৰকাৰৰ ভাল পদক্ষেপ বুলি অভিহিত কৰি তেওঁ কয় যে শিক্ষকসকলৰ প্ৰয়োজনীয় ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে। তেওঁ সামাজিক ব্যাধিসমূহ কেনেকৈ আতৰ কৰি সমাজখন সংস্কাৰ কৰিব পাৰি আৰু ছাত্ৰ ছাত্ৰীসকলক মানৱ সম্পদৰূপে গঢ়িব পাৰি সেই ক্ষেত্ৰত মনোযোগ দিবলৈ শিক্ষকসমাজক আহ্বান জনায়। সভাত ভাষণ প্ৰদান কৰি মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে সমাজ ব্যৱস্থাত শিক্ষকসকলৰ অৱদান অতুলনীয় বুলি কয়। গুৰু-শিষ্যৰ সম্পৰ্ক কেনেকুৱা হ’ব লাগে তেওঁ একলব্য আৰু দ্ৰোণাচাৰ্যৰ উদাহৰণ দাঙি ধৰে। সভাত নিৰ্দিষ্ট বক্তাৰূপে ভাষণ প্ৰদান কৰি খাৰুপেটীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° বুদ্ধিন চন্দ্ৰ হাজৰিকাই ৫চেপ্তম্বৰ দিনটো শিক্ষকসকলৰ দিন বুলি অভিহিত কৰি শিক্ষক দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। তেওঁ মহান দাৰ্শনিক ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱনৰ বিষয়ে কয় আৰু তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হ’ব লাগে বুলি আলোকপাত কৰে। সভাত উদ্বোধনী ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে আমাৰ সমাজত গুৰু শিষ্যৰ পৰম্পৰা, আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত কয়। তেওঁ শিক্ষকসকলক বৰ্তমান প্ৰযুক্তি বিদ্যাৰ লগত মোকাবিলা কৰিব পৰাকৈ নিজকে গঢ়ি তুলিবলৈ আহ্বান জনায়।অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া চেমিনা ইয়াছমিন আৰা ৰহমানে।অনুষ্ঠানত জিলা খনৰ ৪৭ গৰাকী কৃতী শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱা হয়। সভাত জিলা খনৰ বহু সংখ্যক শিক্ষক-শিক্ষয়িত্ৰী, বিদ্যানুৰাগী ব্যক্তি, বিশিষ্ট নাগৰিক, ছাত্ৰ-ছাত্ৰী, জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।