দৰঙত লোক কল্যাণ দিৱস পালন

দৰঙত লোক কল্যাণ দিৱস পালন, দুগৰাকী কৰ্মচাৰীলৈ লোক সেৱা পুৰস্কাৰ

মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- দৰং জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত ৫ আগষ্টত লোক কল্যাণ দিৱস পালন কৰা হয়। ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৭৩ সংখ্যক পুণ্যতিথি পালন উপলক্ষে উক্ত অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। অনুষ্ঠানত ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত মুণীন্দ্ৰ নাথ ঙাটেয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে। আয়ুক্ত গৰাকীয়ে তেওঁৰ ভাষণত ভাৰতৰ স্বাধীনতা আন্দোলনত লোকপ্ৰিয় বৰদলৈৰ ভূমিকাৰ লগতে স্বাধীনতাৰ পিছত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে বৰদলৈয়ে অসমৰ সমাজ জীৱনৰ বিভিন্ন দিশলৈ আগবঢ়োৱা অৱদানৰ ওপৰত আলোকপাত কৰে । ১৯৯৯ চনত অটল বিহাৰী বাজপেয়ীৰ প্ৰধানমন্ত্ৰীত্বৰ কালত ভাৰত ৰত্ন সন্মানেৰে বিভূষিত বৰদলৈৰ কৰ্মজীৱন নৱপ্ৰজন্মৰ বাবে অনুকৰণীয় আদৰ্শ বুলি আয়ুক্তগৰাকীয়ে মন্তব্য কৰে। লোক কল্যাণ দিৱস পালনৰে ৰাজ্যবাসীক আধুনিক অসমৰ স্বপ্নদ্ৰষ্টা বৰদলৈৰ জীৱন আৰু কৰ্মৰাজিৰ চৰ্চ্চাৰ সুযোগ দিয়াৰ বাবে জিলা আয়ুক্তগৰাকীয়ে ৰাজ্য চৰকাৰৰ শলাগ লয় । উল্লেখ্য যে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আদৰ্শেৰে অনুপ্ৰাণিত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা লোক সেৱা পুৰস্কাৰ দৰং জিলাৰ দুগৰাকী কৰ্মচাৰীয়ে লাভ কৰিছে । জিলা আয়ুক্তৰ কাৰ্যালয়ৰ জেষ্ঠ সহায়ক ৰন্টু ডেকা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মঙ্গলদৈ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা কাৰ্যালয়ৰ কৰ্মচাৰী দিলীপ কুমাৰ ডেকাই জিলা পৰ্যায়ৰ ‘লোক সেৱা পুৰস্কাৰ,২০২৩’ লাভ কৰিছে । জিলা আয়ুক্ত মুণীন্দ্ৰ নাথ ঙাটেয়ে দুয়োগৰাকী কৰ্মচাৰীৰ হাততে লোক সেৱা পুৰস্কাৰ তুলি দিয়ে । লোক কল্যাণ দিৱস পালনৰ অনুষ্ঠানত দৰঙৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল, জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকা, জিলা প্ৰশাসনৰ উচ্চ-পদস্থ বিষয়াৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।