দৰঙত ভোটাৰ তালিকা সংশোধনী প্ৰক্ৰিয়া

দৰঙত ভোটাৰ তালিকা সংশোধনী প্ৰক্ৰিয়া

মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত অন্যান্য প্ৰান্তৰ দৰে দৰং জিলাতো ভোটাৰ তালিকা সংশোধনী প্ৰক্ৰিয়া অব্যাহত আছে। জিলা তথ্য আৰু জনসংযোগ বিভাগে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি চলিত ভোটাৰ তালিকা সংশোধনী প্ৰক্ৰিয়াত বৰ্তমানলৈ মুঠ ৫১,৫৬৭ খন প্ৰপত্ৰ পোৱা হৈছে। এতিয়ালৈকে ৩৯৫৪৬ খন প্ৰপত্ৰ গ্ৰহণ কৰা হৈছে আৰু নাকচ কৰা প্ৰপত্ৰৰ সংখ্যা হৈছে ৩৫৭০খন।  ইয়াৰোপৰি নামভৰ্তিকৰণৰ বাবে পোৱা ১৬,৩৭৫ খন প্ৰপত্ৰৰ পৰা ১০,০৩৯খন গ্ৰহণ কৰা হৈছে। নাম কৰ্তনৰ বাবে ২৬,৩০৬খন প্ৰপত্ৰ পোৱা হৈছিল আৰু ইয়াৰে ২২,১২৪খন ইতিমধ্যে গ্ৰহণ কৰা হৈছে। জিলাখনত নাম শুধৰণিৰ বাবে ৮,৮৮৬খন প্ৰপত্ৰ পোৱা হৈছিল, ইয়াৰে ৭৩৮৩ খন ইতিমধ্যে শুধৰণি কৰি ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে এই ভোটাৰ তালিকা সংশোধনী প্ৰক্ৰিয়া অহা ২২ জানুৱাৰীলৈকে চলিব । অহা ৮ ফেব্ৰুৱাৰীত চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব।