দৰঙত খেল মহাৰণৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ শুভ উদ্বোধন

দৰঙত খেল মহাৰণৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ শুভ উদ্বোধন

মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- মঙলদৈৰ কাছাৰী ময়দানত খেল মহাৰণ, ২০২৩ ৰ দৰঙৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাখনিৰ কালি অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে ভাষণ প্ৰদান কৰি মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই কয় যে অসমৰ চুকে-কোণে থকা ক্ৰীড়া প্ৰতিভাসমূহৰ বিকাশৰ বাবে ৰাজ্যৰ ক্ৰীড়া ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিযোগিতা খেল মহাৰণ,২০২৩ অনুষ্ঠিত কৰা হৈছে। ইয়াৰ বাবে ৰাজ্যখনৰ দূৰদৰ্শী আৰু জনপ্ৰিয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা সকলোৰে ধন্যবাদ আৰু শলাগৰ পাত্ৰ বুলি তেওঁ মন্তব্য কৰে। ভাৰতে যোৱা কেইবছৰমানত আন ক্ষেত্ৰসমূহৰ লগতে ক্ৰীড়া ক্ষেত্ৰতো অভূতপূৰ্ব অগ্ৰগতি লাভ কৰিছে বুলি মন্তব্য কৰি তেওঁ দেশখনে অলিম্পিক, এছিয়ান গেমছ আদি আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাসমূহত শেহতীয়াকৈ লাভ কৰা সফলতাৰ কথা উল্লেখ কৰে। তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমৰ ক্ৰীড়া ক্ষেত্ৰতো যথেষ্ট উন্নয়ন সাধন হৈছে। বৰ্তমান চৰকাৰৰ কাৰ্যকালত গুৱাহাটী মহানগৰীৰ লগতে জিলা আৰু গ্ৰামাঞ্চল পৰ্যায়তো অত্যাধুনিক সা-সুবিধাপূৰ্ণ ক্ৰীড়া আন্তঃগাথঁনি গঢ় লৈ উঠিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমক ক্ৰীড়া ক্ষেত্ৰত ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্যকেইখনৰ এখন হিচাপে গঢ় দিব বিচাৰিছে । মুখ্যমন্ত্ৰীৰ এই সপোন সাকাৰ কৰিবৰ বাবে খেলুৱৈ, ক্ৰীড়ানুৰাগী, ক্ৰীড়া সংগঠক আদি সকলোৱে ঐকান্তিকতাৰে সহযোগ কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে খেল মহাৰণ, অসম সাংস্কৃতিক মহাসংগ্ৰামৰ দৰে অভিনৱ প্ৰতিযোগিতাৰ আয়োজন কৰি ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ প্ৰতিভাসমূহৰ বিকাশৰ বাবে একোখনিকৈ মঞ্চ দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয় । অদূৰ ভবিষ্যতে অসমৰ যুৱপ্ৰজন্মৰ সৰ্বাংগীন উন্নয়নৰ বাবে ৰাজ্যচৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলিও তেওঁ লগতে কয়। মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাসে অনুষ্ঠানত খেল মহাৰণে নৱপ্ৰজন্মৰ খেলুৱৈসকলৰ বাবে এক উৎসাহজনক পৰিবেশৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰে। মঙলদৈৰ লগতে দৰং জিলাৰ খেলুৱৈসকলে এই মহাৰণত সফলতা অৰ্জন কৰি সুনাম কঢ়িয়াই আনিব বুলি তেওঁ আশা ব্যক্ত কৰে। দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে তেওঁৰ ভাষণত সমষ্টিটোৰ খেলুৱৈসকলে জিলা আৰু ৰাজ্যিক পৰ্যায়ত সুনাম কঢ়িয়াই আনিব বুলি আশা ব্যক্ত কৰে। কলাইগাঁও সমষ্টিৰ বিধায়ক দুৰ্গাদাস বড়োৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নেচনেল গেমছ, এছিয়ান গেমছ, কমনৱেলথ গেমছ আৰু অলিম্পিকত পদক লাভ কৰা খেলুৱৈক উপযুক্ত চৰকাৰী পদত নিয়োগ কৰা, প্ৰাক্তন খেলুৱৈৰ বাবে পেঞ্চনৰ ব্যৱস্থা কৰা আদিৰ কথা উল্লেখ কৰে । বৰ্তমান চৰকাৰৰ কাৰ্যকালত ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়ন আৰু আন্তঃগাথঁনি গঢ় দিয়াৰ কথাও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে । অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত অভূতপূৰ্ব উন্নয়ন সাধন হৈছে বুলি মন্তব্য কৰে।জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে অনুষ্ঠানত ভাষণ প্ৰদান কৰি নৱপ্ৰজন্মৰ খেলুৱৈসকলে নিয়মানুৱৰ্তিতা, দৃঢ়সংকল্প, উৎসৰ্গাৰ মনোভাৱ আৰু ভক্তিপূৰ্ণ মনেৰে সৈতে আগবাঢ়ি গলে জীৱনৰ সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে। উক্ত অনুষ্ঠানত সুখ্যাত লন বল খেলুৱৈ অৰ্জুন নয়নমনি শইকীয়াই সফলতা লাভৰ বাবে কঠোৰ সাধনাৰ প্ৰয়োজনীয়তাৰ কথা ব্যাখ্যা কৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত সফলতা লাভ কৰি বিদেশৰ মাটিত নিজৰ দেশৰ পতাকা উৰুৱাৰ গৌৰৱ অৰ্জনৰ লক্ষ্যৰে আগবাঢ়ি যাবলৈ তেওঁ খেলুৱৈ সকলৰ প্ৰতি আহ্বান জনায়। ইয়াৰোপৰি অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলে বেলুন উৰুৱাই দৰঙৰ জিলা পৰ্যায়ৰ খেল মহাৰণ প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে। উদ্ধোধনী অনুষ্ঠানত জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকা, মঙলদৈ পৌৰসভাৰ সভাপতি নিৰ্মালী দেৱী শৰ্মা, খাৰুপেটীয়া পৌৰসভাৰ সভাপতি কৃষ্ণা সাহা, মঙলদৈ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাস, জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকা, জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীৰ লগতে জিলাখনৰ চাৰিওটা সমষ্টিৰ খেলুৱৈসকল, ছাত্ৰ-ছাত্ৰী, ক্ৰীড়াবিদ, ক্ৰীড়ানুৰাগী ব্যক্তি আৰু ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে।